খনামুখৰ এগৰাকী ভাষ্কৰ্য্য শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বিষ্ণু-জ্যোতি-লাচিতৰ মূৰ্তি

খনামুখৰ এগৰাকী ভাষ্কৰ্য্য শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বিষ্ণু-জ্যোতি-লাচিতৰ মূৰ্তি

author-image
Asomiya Pratidin
New Update
খনামুখৰ এগৰাকী ভাষ্কৰ্য্য শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বিষ্ণু-জ্যোতি-লাচিতৰ মূৰ্তি

ডিজিটেল সংবাদ, খনামুখঃ জামুগুৰিহাটৰ সমীপৰ খনামুখ ৰৌমাৰী গাঁৱৰ এগৰাকী সু-নিপুন ভাষ্কৰ্য্য শিল্পীয়ে নিৰ্মাণ কৰা কাঠৰ সামগ্ৰীসমূহে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ গাঁওখনৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন গগৈয়ে শিক্ষাদানৰ লগত জড়িত থকাৰ মাজতো বিগত প্ৰায় ৪০ বছৰ ধৰি ভাষ্কৰ্য্য শিল্প কলাৰ চৰ্চা অব্যাহত ৰাখিছে। সম্প্ৰতি কাঠেৰে নিৰ্মাণ কৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠক ড°ভূপেন হাজৰিকা, লাচিত বৰফুকন, মহাদেৱ শিৱ আদিৰ প্ৰতিমূৰ্তিসমূহে শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে৷

ইয়াৰোপৰিও ভাষ্কৰ্য্য শিল্পীগৰাকীয়ে মৌৰা চৰাই, ঘৰিয়াল আদিকে ধৰি বিভিন্ন জীৱ-জন্তু কাঠেৰেই নিৰ্মাণ কৰি উলিয়াই জীৱন্ত ৰূপ দিছে৷ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভাষ্কৰ্য্য শিল্পী যতীন গগৈয়ে ইয়াৰ মাজতে অব্যাহত ৰাখিছে ছবি অকাঁ,গান গোৱা আৰু কবিতা লিখা আদিৰো চৰ্চা৷ ২০১৬ বৰ্ষত শিক্ষকতাৰ বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰা এইগৰাকী ভাষ্কৰ্য্য শিল্পীয়ে বিগত ১৯৮৬ চনৰ পৰাই নিজৰ এই শিল্প সাধনা অব্যাহত ৰাখিছে।

বৰ্তমান যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ খ্যাত যশস্বী কন্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ কামত আগবাঢ়িছে৷ যতীন গগৈ নামৰ এই গৰাকী সুনিপুন ভাষ্কৰ্য্য শিল্পীয়ে জানিবলৈ দিয়া মতে তেখেত বনৌষধি চিকিৎসা ব্যৱস্থাৰ লগতো জড়িত হৈ ইতিমধ্যে বহু ৰোগীৰ ৰোগ নিৰাময়ত সফল হৈছে৷ দীৰ্ঘদিন ধৰি শিক্ষা দান, ভাষ্কৰ্য্য শিল্প চৰ্চা, কাব্য চৰ্চা, গীত গোৱাৰ উপৰিও স্বাস্থ্যৰক্ষাৰ লগত জড়িত হৈ অহা বহুকেইটা গুণৰ অধিকাৰী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভাষ্কৰ্য্য শিল্পী যতীন গগৈয়ে জীৱনৰ বিয়লি বেলাত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ সন্মান তথা স্বীকৃতি লাভৰ আশা প্ৰকাশ কৰিছে৷

Also Read: আকৌ ‘ৰাণী’ হৈ আহি আছে স্মৃতি ! অসমৰ পৰাই মোডী মন্ত্ৰীসভাৰ মন্ত্ৰী হ’ব স্মৃতি ইৰানী…

jamugurihaat