জখলাবন্ধাত ঢোকাত ৰৈছে পৰিবহন নিগমৰ আস্থান!

জখলাবন্ধাত ঢোকাত ৰৈছে পৰিবহন নিগমৰ আস্থান!

ডিজিটেল সংবাদ,কলিয়াবৰঃ শাসনাধিষ্ট বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে জয়জয় ময়ময় অৱস্থাৰে তিনিটা বছৰ সম্পূৰ্ণ কৰাৰ সময়তে সন্তৰ্পণে পোহৰলৈ আহিছে পৰিবহণ নিগমৰ দূৰৱস্থাৰ কথা। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ সংযোগস্থল কলিয়াবৰৰ জখলাবন্ধা নগৰৰ মাজমজিয়াত থকা অসম চৰকাৰৰ পৰিবহণ নিগমৰ আস্থানটোৰ শোচনীয় অৱস্থাই ৰাজ্য চৰকাৰ খনৰ ফোপোলা স্বৰূপটো পুনৰ উদঙাই দেখুওৱালে।

কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া কাৰ্যকালৰ সময়তে সেই সময়ৰ পৰিবহণ মন্ত্ৰী অঞ্জন দত্ত তৎপৰতাতে বহু পুৰণি জখলাবন্ধাৰ বাছ আস্থানটো চকুত লগাকৈ নিৰ্মাণ কৰিছিল যদিও তাৰ পাছত আজি পৰ্যন্ত আস্থানটোৰ মেৰামতি হোৱা নাই। সেই সময়ত পৰিবহণ নিগমৰ ৰঙা বাছৰ চলাচলে যাত্ৰীক বাৰুকৈয়ে আকৰ্ষিত কৰি ব্যৱসায়িক ক্ষেত্ৰতো সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া সেই দিন নাই। এতিয়া বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ সকলো দিশতে জয়জয় ময়ময় হোৱা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিলেও অসমৰ ঐতিহাসিক পৰিবহণ নিগমক চৰকাৰে সমূলি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।

এক প্ৰকাৰ কবলৈ গ'লে বিজেপি চৰকাৰে পৰিবহণ নিগমক নিগমে মৰা বুলিও ৰাইজে মন্তব্য কৰিছে। জখলাবন্ধাৰ পৰিবহণ নিগমৰ বাছ আস্থানৰ পাছফালে বছৰ বছৰ ধৰি এখন ৰঙা বাছে ৰ'দ বৰষুণত পৰি জৰাজীৰ্ণ হোৱাৰ উপক্ৰম ঘটিছে। পূৰ্বৰ এজন আস্থানৰ উপ অধীক্ষক সহ ৫জন কৰ্মচাৰীয়ে ভৰি থকা আস্থানটোত এতিয়া ৫বছৰ ধৰি নাই এজন অধীক্ষক। এতিয়া মাত্ৰ এজন কৰ্মচাৰীয়ে ৰখীয়া হৈ আছে আস্থানটো।

ইয়াৰোপৰি আস্থানৰ সন্মুখৰ বাৰাণ্ডাৰ এটা খুটা ভাঙি যোৱাৰ বাবে বান্ধি ঢোকা দিবলগীয়া অৱস্থাৰ সৃষ্টি হোৱা ও দেখা গ'ল। ইফালে শিলঘাট কুঠৰী আৰু কিছু বছৰৰ আগতে কলিয়াবৰ তিনি আলিত চৰকাৰে নিৰ্মাণ কৰা পৰিবহণ নিগমৰ বাছ আস্থান সমূহ এতিয়া ইতিহাস ৰচনাত ব্ৰতী হোৱা কথাই বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ গা লৰাব পাৰিবানে বুলিও ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।

জখলাবন্ধাত ঢোকাত ৰৈছে পৰিবহন নিগমৰ আস্থান!
টিহুৰ প্ৰবীণ সাংবাদিক, কবি ৰজনী তালুকদাৰৰ দেহাৱসান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in