টিহুৰ প্ৰবীণ সাংবাদিক, কবি ৰজনী তালুকদাৰৰ দেহাৱসান...

টিহুৰ প্ৰবীণ সাংবাদিক, কবি ৰজনী তালুকদাৰৰ দেহাৱসান...

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ টিহুৰ নিজখানাৰ নিৱাসী, প্ৰবীণ সাংবাদিক, কবি, প্ৰাক্তন শিক্ষাব্ৰতী, অসম সাহিত্য সভাৰ আজীৱন সভ্য ৰজনী তালুকদাৰৰ ১০মে’ৰ নিশা বাৰ্ধক্যজনিত কাৰণত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আৱস্থাতেশেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে শনিবাৰে পুৱা তেওঁৰ নশ্বৰ দেহ নিজ ঘৰলৈ অনাৰ পাছতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সমৱেত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰ, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাণকৃষ্ণ ভঁৰালী, সসমাজকৰ্মী সতীশ তালুকদাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ধনীৰাম কলিতা, বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰমেশ ভঁৰালী আৰু গিৰীন তালুকদাৰ, টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ কমলা ডেকা, বিবি কিষাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ লহকৰ, প্ৰাক্তন সেনা দিবাকৰ তালুকদাৰ, প্ৰফুল্ল তালুকদাৰ প্ৰমুখ্যে কেইবাগৰাকী লোকে শোকস্মৰণ ভাষণ প্ৰদান কৰে।

শিক্ষা, সাংবাদিকতা, সাহিত্য, সমাজ জীৱনলৈ বিশেষ বৰঙনি যোগোৱা ৰজনী তালুকদাৰে টিহুত ১৯৭৬ খৃষ্টাব্দত আয়োজিত অসম সাহিত্য সভাৰ অধিৱেশনৰ এগৰাকী নিষ্ঠাৱান সেৱক আছিল। তিনিদিনীয়া অগ্ৰদূত, দৈনিক অগ্ৰদূত আদি কাকতত দীৰ্ঘ সময় সাংবাদিকতাৰে সাংবাদিতাৰ ক্ষেত্ৰখন চহকী কৰাৰ লগতে আঞ্চলিক গৌৰৱ, ব্যক্তি বিশেষৰ কৃতী, সামাজিক সমস্যা আদি ৰাজ্যিক পৰ্যায়ত উত্থাপনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাইছিল।

তেওঁ টিহুত শিশু আৰু কিশোৰসকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে মইনা পাৰিজাত গঠন আৰু পৰিচালনাৰে সামাজিক উত্তৰণ ঘটাইছিল। অঞ্চলটোত ঘৰুৱা শিক্ষাব্ৰতী হিচাপে অতি জনপ্ৰিয় এইগৰাকী লোকে সকলো কিশোৰৰ হাতৰ আখৰ ভাল হোৱাটো বিচাৰিছিল আৰু সেই বিষয়ত সততে গুৰুত্ব দিছিল। তিনিদিনীয়া অগ্ৰদূত কাকতত এসময়ত নিয়মীয়াভাৱে কবিতা লিখি কবি হিচাপে পৰিচিতি লাভ কৰা ৰজনী তালুকদাৰ টিহু সাহিত্য সভাৰ একাধিক বছৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে জাতীয় জীৱনলৈ সেৱা আগ বঢ়াইছিল।

অসম আন্দোলনতো তেওঁ জড়িত হৈছিল।তেওঁ টিহু আঞ্চলিক সাংবাদিক সন্থা আৰু পৰৱৰ্তী সময়ত টিহু মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা হিচাপে সাংবাদিক সংগঠনৰ সৈতে জড়িত হৈ সাংবাদিকৰ সমস্যা আদি সমাধানত গুৰুত্ব আৰোপ কৰিছিল।

ৰজনী তালুকদাৰৰ দেহাৱসানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকা আৰু ৰেখাৰাণী দাসবড়ো, দৈনিক অগ্ৰদূত কাকতৰ সম্পাদক প্ৰাঞ্জলসেন ডেকা, অসম জাতীয় বিদ্যালয় শৈক্ষিক ন্যাসৰ সচিব ডাঃ নাৰায়ণ শৰ্মায়ে শোক প্ৰকাশ কৰিছে।

নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডঃ মাধৱ ৰাজবংশী, অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ উপ সম্পাদক হেমাংগ গোস্বামী, অসম বাৰ্তাজীৱী সংঘৰ উপ সভাপতি অঞ্জন কুমাৰ শৰ্মা, টিহু জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰণী ডেকা, টিহু সাহিত্য সভাৰ সভাপতি ভৱেশ চন্দ্ৰ দাস, টিহু ৰাজহুৱা পুথিভঁৰাল, টিহুৰ মহাত্মা গান্ধী ভৱন সমিতি, অসম আন্দোলনৰ টিহু বজালী প্ৰাক্তন সতীৰ্থ সন্মিলন আদি অনুষ্ঠান আৰু ব্যক্তি বিশেষে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ দুগৰাকী ভাতৃ, ভতিজা-ভতিজীয়েক আৰু ভালে সংখ্যক আত্মীয় স্বজনক এৰি যায়।

টিহুৰ প্ৰবীণ সাংবাদিক, কবি ৰজনী তালুকদাৰৰ দেহাৱসান...
কলিয়াবৰৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোলত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in