জাজৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান...

অভিযানত সৰবৰাহকাৰী জাকিৰৰ পৰা আৰক্ষীয়ে ৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে
সৰবৰাহকাৰী জাকিৰৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে
সৰবৰাহকাৰী জাকিৰৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ ওচৰৰ জাজৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰ জ্যোতি বৰাৰ নেতৃত্বত শুক্ৰবাৰে নিশা অভিযান চলাই ড্ৰাগছ সহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনক আটক কৰে।

জানিব পৰা মতে, বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়াৰ ৰজাআলিত চলোৱা অভিযানত সৰবৰাহকাৰী জাকিৰৰ পৰা আৰক্ষীয়ে ৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে। ড্ৰাগছ খিনিৰ ওজন প্ৰায় ১২.১৪ গ্ৰাম। লগতে এ এছ ০২ পি ৬২৮৩ নম্বৰৰ পালচাৰ বাইকো জব্দ কৰে। বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী জাকিৰক জেৰা অব্যাহত ৰাখিছে বুলি জনায়।

আৰু পঢ়কঃ কলিয়াবৰত মিলি জুলি সংঘৰ উদ‍্যোগত আবেলি বেলিৰ ৰং...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in