/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/2736c097-f879-495d-9971-43936ecd7963/1_copy.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ শ্ৰীৰাম চন্দ্ৰৰ জন্মভূমি অযোধ্যাত হ’ল ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সমান্তৰালভাৱে সকলোবোৰ মন্দিৰতে আয়োজন কৰিছে পূজা অৰ্চনাৰ ৷
দৰং জিলাৰ প্ৰতিটো মন্দিৰতে বৈদিক নিয়ম অনুসৰি আৰম্ভণি হ’ল পূজা অৰ্চনা ৷ মঙলদৈ চহৰস্থিত ৰাম জানকী মন্দিৰত ব্যাপক আয়োজন কৰা কৰা পৰিলক্ষিত হৈছে ৷ সজাইপৰাই তুলিছে ৰাম জানকী মন্দিৰ ৷ এক লাখ চাকিৰে সমগ্ৰ মঙলদৈ চহৰ উজ্জ্বলাই তুলিব বিশ্ব হিন্দু পৰিষদে ৷ হাজাৰ হাজাৰ ৰাম ভক্তৰ জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত সমগ্ৰ পৰিৱেশ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us