বটদ্ৰৱাৰ ভকত বৈষ্ণৱে গালে জয় জয় ৰাম জয় শ্ৰী ৰাম

অযোধ্যাত ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ লগতে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানটো ৰাম ময় পৰিৱেশৰ সৃষ্টি হৈছে। ১১ দিন ব্ৰত ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰামলালা প্ৰতিষ্ঠা কৰাৰ ঐতিহাসিক ক্ষণৰ বাবে বটদ্ৰৱাত উখল-মাখল পৰিবেশ।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ ভকত বৈষ্ণৱে গালে জয় জয় ৰাম জয় শ্ৰী ৰাম

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অযোধ্যাত ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ লগতে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানটো ৰাম ময় পৰিৱেশৰ সৃষ্টি হৈছে। ১১ দিন ব্ৰত ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰামলালা প্ৰতিষ্ঠা কৰাৰ ঐতিহাসিক ক্ষণৰ বাবে বটদ্ৰৱাত উখল-মাখল পৰিবেশ।

Advertisment

বটদ্ৰৱা থানৰ জাপি বাটচৰাৰ সন্মুখত বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজ সমবেত হৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা পোনপটীয়াকৈ প্ৰচাৰ উপভোগ কৰাৰ লগতে উদযাপন কৰিছে ৰামলালা। ইফালে বটদ্ৰৱা থানত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ ৰাইজৰ সৈতে একেলগে অংশ গ্ৰহণ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। ৰূপক শৰ্মাই ভকত বৈষ্ণৱৰ সৈতে একেলগে "জয় জয় ৰাম জয় শ্ৰী ৰাম" নাম পৰিবেশন কৰি আকাশ বতাহ মুখৰিত কৰি তোলে।

Also Read: যুগান্তকাৰী ক্ষণৰ সাক্ষী হৈ ৰ'ল দেশবাসী! ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন

ram mandir pranpatishtha ayodhya