ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰা লোকক সোধা পোচা কৰিছে আইবিয়ে : কংগ্ৰেছ

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ প্ৰথম পৰ্যায়টো শনিবাৰে দিল্লীত উপস্থিত হোৱাৰ লগে লগে সম্পূৰ্ণ হয়।
ভাৰত জোড়ো যাত্ৰা
ভাৰত জোড়ো যাত্ৰা

ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ প্ৰথম পৰ্যায়টো শনিবাৰে দিল্লীত উপস্থিত হোৱাৰ লগে লগে সম্পূৰ্ণ হয়। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে অভিযোগ কৰিছে যে আইবিয়ে এই ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীৰ সৈতে কথা পতা লোকসকলক প্ৰশ্ন কৰিছে। লগতে তেওঁ কয় যে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ 'ভাৰত জোড়ো যাত্ৰাক লৈ উদ্বিগ্ন।

টুইটৰ জৰিয়তে তেওঁ কয় যে '' ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ সৈতে কথা বতৰা পতা লোকক সোধ পোচ কৰিছে আইবিয়ে। চোৰাংচোৱাসকলে সকলো ধৰণৰ প্ৰশ্ন সুধি আছে। এই ভ্ৰমণৰ বিষয়ে একো গোপনীয়তা নাই। কিন্তু স্পষ্ট কথা যে মোডী আৰু শ্বাহ ইয়াক লৈ উদ্বিগ্ন''।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত চলি আছে ভাৰত জোড়া যাত্ৰা। কংগ্ৰেছে এই সময়ত অভিযোগ উত্থাপন কৰিছে যে বিজেপিয়ে ভাৰত জোড়া যাত্ৰা বন্ধ কৰাৰ চেষ্টা কৰি আছে।

আৰু পঢ়ক: নগাঁৱত কাৰাটে প্ৰতিযোগিতাৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in