নগাঁৱত কাৰাটে প্ৰতিযোগিতাৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও চহৰৰ গোপীনাথ দেব গোস্বামী বানিজ্য মহাবিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পত আৰম্ভ জিলা ভিত্তিত কাৰাটে প্ৰতিযোগিতা ৷
নগাঁৱত কাৰাটে প্ৰতিযোগিতাৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ গোপীনাথ দেব গোস্বামী বানিজ্য মহাবিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পত আৰম্ভ জিলা ভিত্তিত কাৰাটে প্ৰতিযোগিতা ৷ প্ৰয়াত শিক্ষাবিদ বলেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতিত অনুষ্ঠিত প্ৰতিযোগিতাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷

ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত উদ্বোধনী সভাত বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা , আয়ুব খান , ড° মৃগাংক শইকীয়া , উজ্জল বৰুৱা , শশাংক বৰুৱা , লীলা বৰা , প্ৰাঞ্জিত বৰা আদি উপস্হিত থাকে ৷ পুতুল শইকীয়াই আত ধৰা সভাখনিৰ পূৰ্বে পতাকা উত্তোলন কৰে বিধায়ক ৰূপক শৰ্মা আৰু উপ পৌৰপতি সীমান্ত বৰাই ৷

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাখনিত জিলাখনৰ প্ৰায় চাৰিশ প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰিছে ৷ চাব জুনিয়ৰ , জুনিয়ৰ , কেডেট , চিনিয়ৰ শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে ৷

কাটা আৰু কুমিটে বিভাগত প্ৰতিযোগিতা খনি অনুষ্ঠিত হৈছে ৷ ২৬ ডিচেম্বৰৰ বিয়লি প্ৰতিযোগিতাৰ বঁটা বিতৰনি সভা খনি আনুষ্ঠিত হ'ব বুলি নগাঁও কাৰাটে ডু সংস্থাৰ সাধাৰন সম্পাদক প্ৰনব বৰ্মনে জানিবলৈ দিছে ৷

আৰু পঢ়ক: এখন গাঁৱৰ প্ৰায় ২০ টা পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in