/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/48402762-b088-410f-afca-61e15c0bb435/ipl23.jpg)
আই পি এল ২৩
ডিজিটেল ডেস্কঃ আই পি এল মানেই ক্ৰিকেট অনুৰাগীৰ মনত পাৰ ভঙা উছাহ,উদ্দীপনা। দেশী-বিদেশী তথা ঘৰুৱা ক্ৰিকেটাৰৰ চমক চাবলৈ ষ্টেডিয়াম কিম্বা দুৰদৰ্শন আদিত ভিৰ কৰে ক্ৰিকেট অনুৰাগীয়ে।
আই পি এলৰ নিলাম পৰ্ব শেষ হোৱাৰ পৰাই যেন খেলৰ সূচীলৈ বাট চাই আছে অনুৰাগীয়ে। প্ৰকাশিত সূচী অনুসৰি ২০২৩ বৰ্ষৰ আই পি এল আৰম্ভ হ'ব ২০ মাৰ্চত আৰু অন্ত পৰিব ২৮ মে'ত। এইবাৰ আই পি এলত ১০ টা দলৰ মাজত ৭৪খন ৰোমাঞ্চকৰ মেচ। অৱশ্যে সময় সাপেক্ষে উক্ত তাৰিখৰ সাল-সলনি হ'ব পাৰে। তথাপিও অনুৰাগীৰ মনত আই পি এলক লৈ পাৰ ভঙা উছাহ। কিয়নো আই পি এলত প্ৰতিখন মেচেই হয় হাইভ'ল্টেজ।
মুম্বাই ইণ্ডিয়ানছত যদি ৰোহিতৰ বেটৰ চমক আনফালে চেন্নাইত ধোনীৰ হেলিকপ্তাৰ শ্বট। বাংগালুৰুত যদি বিৰাটৰ যাদু কলকাতাত ৰাছেলৰ বিধংসী ছিক্সাৰ। অৱশ্যে যোৱা বৰ্ষৰ পৰা আৰু অধিক উত্তেজনাময় হৈ উঠিছে আই পি এল। কিয়নো গুজৰাট আৰু লক্ষ্ণৌৰ দৰে দুটাকৈ নতুন দলৰ অন্তৰ্ভুক্তিয়ে সৌষ্ঠৱ বৃদ্ধি কৰিছে আই পি এলৰ মঞ্চ।
উল্লেখ্য যে হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত গুজৰাটে আই পি এলত ভুমুকি মাৰিয়েই ডিফেণ্ডিং চেম্পিয়ন ৰাজস্থানক হৰুৱাই ২০২২ৰ আই পি এল খিতাপ দখল কৰিছিল। সেই বৰ্ষতে লক্ষ্ণৌৱে কে এল ৰাহুলৰ নেতৃত্বত ছেমি ফাইনেল খেলিছিল। মুঠতে এইবৰ্ষৰ আই পি এলক লৈ বাট চাই আছে ক্ৰিকেট অনুৰাগীয়ে।
আৰু পঢ়কঃ পুত্ৰৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল মাতৃৰ, পত্নীকো দিছিল জ্বলাই