/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b41dc382-0376-46f9-8ca9-7878b9f66a89/amit.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ ত্ৰিপুৰাৰ এদিনীয়া ভ্ৰমণ সূচী সামৰি বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিশেষ বিমানেৰে ইম্ফলত উপস্থিত হয় । বিমানবন্দৰত আদৰণি জনায় মুখ্যমন্ত্ৰী এন বীৰেণ সিঙ আৰু তেওঁৰ কেবিনেট সতীৰ্থ, বিজেপিৰ সভাপতি এ সাৰদা দেৱীয়ে ।
ইম্ফলত উপস্থিত হোৱাৰ পিছত গৃহমন্ত্ৰী গৰাকীয়ে চিটি কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে । শুকুৰবাৰে তেওঁ মণিপুৰত ১৩১১ কোটি টকাৰ ২১টা ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তদুপৰি সংগাইথেলত অলিম্পিয়ান পাৰ্ক উদ্বোধন কৰিব ।
উল্লেখযোগ্য যে উদ্বোধন হ’বলগীয়া প্ৰকল্পসমূহ হ’ল মণিপুৰ অলিম্পিয়ান পাৰ্ক সংগাইথেল, ফল সংৰক্ষণ কাৰখানা নীলাকুঠী, জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ পেইড প্ৰাইভেট ৱাৰ্ড, চুৰাচান্দপুৰ চিকিৎসা মহাবিদ্যালয়, মৰেহ টাউন পানী যোগান আঁচনি, কংলাৰ ইষ্টাৰ্ণ চাইডৰ নংপক থং দলং, ডি এম বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন , মাৰ্জিং মূৰ্তি কমপ্লেক্স, কাংখুই গুহাত গুহা পৰ্যটন প্ৰকল্পৰ উন্নয়ন, এল এম ব্লক উখৰুলত আৰ্হি আৱাসিক বিদ্যালয়, ১০০ বিচনাযুক্ত আৱাসিক বিদ্যালয় ৰেংপাং, আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ শিশু কাৰ্ডিঅ'-থ'ৰেচিক অপাৰেচন থিয়েটাৰ।
আনহাতে আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্প হ’ল মণিপুৰ প্ৰদৰ্শনী কেন্দ্ৰ; পাঁচখন জিলাত জিলা যুৱ, দক্ষতা আৰু নিয়োগ কেন্দ্ৰ, জিৰিবাম-টিপাইমুখ পথ নিৰ্মাণ ৪০টা আৰক্ষী আউটপোষ্ট নিৰ্মাণ । ইয়াৰ পিছত অমিত শ্বাহ ডিমাপুৰত উপস্থিত হ'ব।
আৰু পঢ়কঃ অসম গ্ৰন্থমেলাঃ গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ দিশে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us