/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/83c38631-5b8e-4a66-8df5-8f334e174ae5/aca.jpg)
নতুন বছৰত গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট মেচ অনুষ্ঠিত কৰিবলৈ পুনৰ সাজু হৈ উঠিছে গুৱাহাটী মহানগৰ। নতুন বছৰৰ ১০ জানুৱাৰীত গুৱাহাটী বৰ্ষাপাৰাত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ। পোন প্ৰথমে মহানগৰীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল ১৯৮৩ চনত। উক্ত বৰ্ষতেই ইংলেণ্ড আৰু ৱেলছে যুটীয়াভাৱে আয়োজন কৰিছিল তৃতীয় সংস্কৰণৰ এদিনীয়া বিশ্বকাপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ded7b874-f7e3-45c4-b123-ee58155870f8/222d934a_e5f0_48ca_a3b8_3a7d9586f8bf.jpg)
১৯৮৩ চনৰ এদিনীয়া বিশ্বকাপত কপিল দেৱৰ নেতৃত্বত ভাৰতে ৱেষ্ট ইণ্ডিজক হৰুৱাই পোন প্ৰথমবাৰৰ বিশ্বকাপ জয়ৰ খিতাপ দখল কৰিছিল। সেই বৰ্ষৰে ১৭ ডিচেম্বৰত পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ভাৰত আৰু ৮৩ বিশ্বকাপৰ ৰাণাৰ্ছ-আপ দল ৱেষ্ট ইণ্ডিজৰ মাজত এদিনীয়া মেচ। তাৰ পৰৱৰ্তী সময়ত নেহৰু ষ্টেডিয়ামে ভালেকেইখন এদিনীয়া মেচ অনুষ্ঠিত কৰি আহিছে।
নেহৰু ষ্টেডিয়ামত শেষৰখন মেচ অনুষ্ঠিত হৈছিল ২০১০ চনৰ ২৮ নৱেম্বৰত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত। ১৯৮৩ৰ পৰা ২০১০ পৰ্যন্ত নেহৰু ষ্টেডিয়ামত মুঠ ১৪ খন আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছে। অৱশ্যে তাৰ পৰৱৰ্তী সময়ত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত নিৰ্মাণ হৈ উঠা বৰ্ষপাৰাৰ ড০ ভূপেন হাজৰিকা ষ্টেডিয়ামত পৰৱৰ্তী আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fa454f4f-57ad-48b9-9dd1-ebe0424a2033/dfab72ad_091d_464e_9fb7_84c7ac5ca7e6.jpg)
শেহতীয়াভাৱে যোৱা ২ অক্টোৱৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টী-২০ মেচ অনুষ্ঠিত হৈ যায়। বৰ্ষাপাৰা ষ্টেডিয়ামে বৰ্তমানলৈকে এখন এদিনীয়া আৰু ৩খন টী-২০ মেচৰ আয়োজন কৰিছে। অৱশ্যে ২০২০ৰ ৫ জানুৱাৰীৰ ভাৰত-শ্ৰীলংকাৰ মাজৰ মেচখন পৰিত্যক্ত হয়।
আৰু পঢ়কঃ দুৰ্বৃত্তৰ সন্ত্ৰাস! চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা এজনক...