দুৰ্বৃত্তৰ সন্ত্ৰাস! চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা এজনক...

সোণাৰিৰ শালকাঠনী চাহ বাগিচাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ চোকা অস্ত্ৰৰে ডিঙিত উপৰ্যুপৰি ঘাপ মৰাৰ ফলতেই মৃত্যু হয় বিজয় তন্তবাই (৪৫) নামৰ লোকজনৰ ৷
dangor khabar
dangor khabar

ডিজিটেল ডেস্ক: সোণাৰিৰ শালকাঠনী চাহ বাগিচাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ চোকা অস্ত্ৰৰে ডিঙিত উপৰ্যুপৰি ঘাপ মৰাৰ ফলতেই মৃত্যু হয় বিজয় তন্তবাই (৪৫) নামৰ লোকজনৰ ৷ বাগিচাখনৰ খাড়ীয়া লাইনত সংঘটিত হয় এই ঘটনা ।

শুকুৰবাৰে নিশা নিজ গৃহত বিজয় তন্তবাই শুই থকা অৱস্থাত কোনো দুৰ্বৃত্তই ঘৰৰ দুৱাৰ খুলি বিজয়ৰ কন্যাৰ শোৱা কোঠাত প্ৰৱেশ কৰে। কন্যা গৰাকীয়ে সম্ভেদ পাই চিঞৰ বাখৰ কৰাত পিতৃ বিজয় তন্তবাই শোৱাপাটিৰ পৰা উঠি আহি দুৰ্বৃত্তগৰাকীক আটক কৰিবলৈ চেষ্টা চলাওঁতেই দুৰ্বৃত্তই হাতত লৈ অনা চোকা অস্ত্ৰৰে বিজয়ক আঘাত কৰি পলায়ন কৰে ৷

গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত বিজয়ক নিশাই সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। কিন্তু ডিব্ৰুগড়লৈ গৈ থকাৰ পথতেই মৃত্যুক আকোঁৱালি লয় বিজয় তন্তবাইয়ে ৷ বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই হত্যাকাৰীক ৷ হত্যাকাৰীক বিচাৰি আৰক্ষী তদন্ত অব্যাহত ৷

আৰু পঢ়ক: কোকৰাঝাৰত চাঞ্চল্য! কৰ্কট ৰোগীক দিলে ম্যাদ উকলি যোৱা চেলাইন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in