গৱেষক ছাত্ৰী উদাৰতা ভট্টাচাৰ্য্যক আন্তৰ্জাতিক বঁটাৰে সন্মানিত...

এই গবেষণাৰ পৰা সমগ্র অসম তথা ভাৰতবৰ্ষৰ কৃষি কাৰ্যৰ বহু উন্নতিকৰণ হ'ব
উদাৰতা ভট্টাচাৰ্য্যক আন্তৰ্জাতিক বঁটাৰে সন্মানিত
উদাৰতা ভট্টাচাৰ্য্যক আন্তৰ্জাতিক বঁটাৰে সন্মানিত

ডিজিটেল সংবাদ,বেবেজীয়াঃ যোৱা ৭ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ আই আই টি গুৱাহাটী আৰু ভাৰতৰ বায়’টেক ৰিচাৰ্চ ছ’চাইটীৰ যুটীয়া প্ৰচেষ্টাত অনুষ্ঠিত হোৱা বহনক্ষম জৈৱ সম্পদ আৰু জৈৱ অৰ্থনীতিৰ বাবে জৈৱ প্ৰযুক্তিৰ (Biotechnology for Sustainable Bioresoureces and Bioeconomy - BBSB-2022) আন্তৰ্জাতিক সন্মিলনত আই আই টি গুৱাহাটীৰ পৰিবেশ গৱেষণা কেন্দ্ৰৰ গৱেষক ছাত্ৰী উদাৰতা ভট্টাচাৰ্য্যক শ্ৰেষ্ঠ ফ্লেছ প্ৰেজেণ্টেচন আৰু পোষ্টাৰ বাবে আন্তৰ্জাতিক বঁটাৰে সন্মানিত কৰা হয়।

তেওঁৰ গৱেষণাত বিপজ্জনক ৰাসায়নিক সাৰ আৰু মাটিৰ স্বাস্থ্য আৰু শস্যৰ উৎপাদনশীলতাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ সৈতে জড়িত সমস্যাটো সমাধান কৰিবলৈ সংহত জৈৱিক কৃষিভিত্তিক অনুসন্ধানৰ প্ৰয়োজনীয়তাক সূচায়। ছাত্ৰীগৰাকীয়ে এনে এটা জৈৱ-সাৰ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে যিয়ে মাটিৰ গুণাগুণৰ লগতে সাধাৰণ মাহ জাতীয় গছৰ বৃদ্ধিৰ ধৰণ উন্নত কৰাৰ সম্ভাৱনা আৰু তাৰ দ্বাৰা, ব্যয়বহুল অণুজীৱ সমৃদ্ধ জৈৱ-প্ৰণয়ন লাভ কৰিবলৈ সক্ষম হৈছে ।

ছাত্ৰীগৰাকীৰ এই গবেষণাৰ পৰা সমগ্র অসম তথা ভাৰতবৰ্ষৰ কৃষি কাৰ্যৰ বহু উন্নতিকৰণ হ'ব বুলি আশা কৰা যায় ।

উল্লেখ্য যে, উদাৰতা ভট্টাচাৰ্য্য নগাঁও চহৰৰ আমোলাপট্টি নিবাসী প্ৰতীক ভট্টাচাৰ্য আৰু মামনি শৰ্মা ভট্টাচাৰ্য্যৰ একমাত্ৰ কন্যা ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in