/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d4e75246-e23d-4044-aa6d-387f7c490f54/tea.jpg)
অসম চাহ কৰ্মচাৰী সংঘৰ হীৰক-জয়ন্তী উদযাপন
ডিজিটেল সংবাদ,মাৰ্ঘেৰিটাঃ অসম চাহ কৰ্মচাৰী সংঘ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত সংঘৰ ৭৫ বছৰীয়া হীৰক জয়ন্তী বৰ্ষ দেওবাৰে মাৰ্ঘেৰিটা চাহ বাগিছাৰ ষ্টাফ ক্লাৱৰ প্ৰাংগণত দিনজোৰা বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। পুৱা সংঘৰ পতাকা উওোলন কৰে শাখাৰ সভাপতি মন্টু কাকতীয়ে আৰু ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ পতকা উওোলন কৰে উপ-সভাপতি অজয় বৰপুজাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4f5d3981-fc08-45f3-9821-46c157531c3c/7aaf334a_2d7e_4cbf_bc97_b86bfc323d98.jpg)
স্মৃতি তৰ্পন কৰে মাৰ্ঘেৰিটা শাখাৰ সম্পাদক চুচেন শইকীয়াই। সমবেত সংগীতৰ পাছতেই মুকলি সভা অনুষ্ঠিত হয়। শাখাৰ সহ সম্পাদক পূৰ্ণ বৰুৱাই আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সাধাৰন সম্পাদক ঋষভ কলিতা, এই সমাৰোহত প্ৰাক্তন চাহ কৰ্মচাৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শাখাৰ অধীনৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱৰ লগতে যুৱ সাংবাদিক মানস প্ৰতিম গগৈ আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপ সভাপতি সমীৰণ বৰঠাকুৰক সম্বৰ্ধনা জনায়।
আৰু পঢ়কঃ পশ্চিম ঢকুৱাখনাত "অন্ধ বিশ্বাস ,শিক্ষা আৰু স্বাস্থ্য" শীৰ্ষক আলোচনা চক্ৰ...