হাটশিঙিমাৰীত কনিষ্টবল ইন্দ্ৰজিত হাজঙৰ নশ্বৰদেহত জিলা আৰক্ষীৰ শ্ৰদ্ধাঞ্জলি

মেঘালয়ৰ এক জলপ্ৰপাতত গা ধুবলৈ গৈ দুৰ্ঘটনাবশতঃ মৃত্যু হোৱা মানকাচৰৰ কালাপানী আৰক্ষী চকীত কৰ্মৰত কনিষ্টবল ইন্দ্ৰজিত হাজঙৰ মৃতদেহ আজি হাটশিঙিমাৰী জিলা আৰক্ষীক চমজাই দিয়ে।

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰীত কনিষ্টবল ইন্দ্ৰজিত হাজংৰ নশ্বৰদেহত জিলা আৰক্ষীৰ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ মানকাচৰঃ মানকাচৰৰ কালাপানী আৰক্ষী চকীত কৰ্মৰত কনিষ্টবল ইন্দ্ৰজিত হাজং মেঘালয়ৰ জলপ্ৰপাতত দুৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু মুখত পৰাৰ পাছত মেঘালয় আৰক্ষীয়ে আজি কনিষ্টবল জনৰ নশ্বৰদেহ হাটশিঙিমাৰী জিলা আৰক্ষীক চমজাই দিয়ে। হাটশিঙিমাৰী জিলা আৰক্ষীয়ে কনিষ্টবল ইন্দ্ৰজিত হাজঙৰ নশ্বৰদেহত আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Advertisment

হাটশিঙিমাৰী আৰক্ষী ছাউনি চৌহদত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে প্ৰয়াত কনিষ্টবলজনৰ নশ্বৰ দেহ জিলা আৰক্ষীয়ে পৰিয়ালক চমজাই দিয়ে। উল্লেখ্য যে, কালাপানী আৰক্ষী চকীত কৰ্মৰত কনিষ্টবল ইন্দ্ৰজিত হাজং ২০১৮ চনত ১২ জানুৱাৰীত কনিষ্টবল হিচাপে কৰ্মত যোগদান কৰিছিল। জানিব পৰা মতে বেমাৰৰ বাবে ২১ দিনৰ ছুটি লৈ ঘৰলৈ যোৱাৰ পিছত ১৫ জুনত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ জলপ্ৰপাতত কেইবাজনো বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল। 

গা ধুই থকাৰ সময়তে হঠাৎ পাহাৰৰ পৰা বিশাল শিল এটা খহি কনিষ্টবল জনৰ গাত পৰাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে তেওঁক গাৰোবাধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। 

আজি তুৰা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত মেঘালয় আৰক্ষীয়ে মৃতদেহটি হাটশিঙিমাৰী জিলা আৰক্ষীক চমজাই দিয়ে। বৰ্তমান কনিষ্টবল জনৰ ঘৰত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে। মৃত্যুৰ সময়ত কনিষ্টবল জন বিধৱা মাতৃ, পত্নী সৰু দুবছৰীয়া শিশু সন্তানক এৰি থৈ যায়।

অসম আৰক্ষী হাটশিঙিমাৰী