ইণ্ডোনেছিয়াৰ ভয়ংকৰ ভূমিকম্পৰ ঘটনা : মৃতকৰ সংখ্যা ১৬২ লৈ বৃদ্ধি...

সোমবাৰে ইণ্ডোনেছিয়াৰ জাভা দ্বীপত সংঘটিত হয় এক ভয়ংকৰ ভূমিকম্পৰ ঘটনা

author-image
Asomiya Pratidin
New Update
ইণ্ডোনেছিয়াৰ ভয়ংকৰ ভূমিকম্পৰ ঘটনা : মৃতকৰ সংখ্যা ১৬২ লৈ বৃদ্ধি...

indonesia

ডিজিটেল ডেস্ক : সোমবাৰে ইণ্ডোনেছিয়াৰ জাভা দ্বীপত সংঘটিত হয় এক ভয়ংকৰ ভূমিকম্পৰ ঘটনা। ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬ ৰিখটাৰ স্কেল। ভূমিকম্পৰ ফলত বহু অট্টালিকা ধ্বংসস্তূপত পৰিণত হয়। বৰ্তমনালৈ এই ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬২ লৈ বৃদ্ধি হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Advertisment

ইয়াৰ উপৰিও আহত লোকৰ সংখ্যা ৩০০ৰো অধিক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এই ভূমিকম্পৰ উৎপত্তিস্থল পশ্চিম জাভাৰ চিয়ানজুৰৰ ১০ কিলোমিটাৰ গভীৰতাত। ইণ্ডোনেছিয়া প্ৰশান্ত মহাসাগৰীয় “ৰিং অৱ ফায়াৰ”ত অৱস্থিত হোৱাৰ বাবে সঘনাই ভূমিকম্প হোৱাৰ লগতে ইয়াত আগ্নেয়গিৰিৰ উদগীৰণো সঘনাই হয়।

আৰু পঢ়ক : গুৱাহাটীৰ সাওকুছিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা...

earthquake indonesia