
ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱি ইন্দিবৰ দেউৰী অসুস্থ। বৰ্ষীয়া শিক্ষাবিদগৰাকীক গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে ইন্দিবৰ দেউৰীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। জনজাতি বিশেষজ্ঞ হিচাপেও পৰিচিত।
আনহাতে তেওঁ 'নতুন পদাতিক' আলোচনীৰো সহযোগী সম্পাদকৰ দায়িত্বত আছে। বিশিষ্ট বুদ্ধিজীৱি গৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ গুণমুগ্ধসকলে আশু আৰোগ্য কামনা কৰিছে।
ক্লিক কৰি পঢ়কঃ অসম নেপালী সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...