অসম নেপালী সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

অসম নেপালী সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...
অসম নেপালী সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

ডিজিটেল সংবাদ চিৰাং: অসম নেপালী সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভৰ আজি চিৰাং জিলাৰ শান্তিপুৰ সামূহিক কেন্দ্ৰত আজি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা ৯ বজাত সন্থাৰ চিৰাং জিলা সমিতিৰ সভাপতি ভীষ্ম প্ৰসাদ শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছত স্মৃতি তৰ্পণ, চিত্ৰাংকণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, গাঁওখানে কথা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

দুপৰীয়া ১২ বজাত ভীষ্ম প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু সাহিত্য চৰ্চা কাৰ্যসূচীখন উদ্বোধন কৰে জিলা সমিতিৰ উপদেষ্টা সোমনাথ সুবেদীয়ে। জিলা সমিতিৰ কাৰ্যকাৰী সভানেত্ৰী বীণা ভাৰতীয়ে আদৰণি ভাষণ আগবঢ়োৱা উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক দুল বাহাদুৰ ছেত্ৰীয়ে অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ কাৰ্যসূচীৰ উদ্ঘাটন কৰে।

সভাত মুখ্য অতিথি ৰূপে উপস্হিত থাকি অসম নেপালী সাহিত্য সভাৰ উপ-সভাপতি গোবিন্দ শাণ্ডিল্যই এটা জাতিক জীয়াই ৰাখিবলৈ হ'লে সেই জাতিটোৰ সাহিত্য আৰু কলা-সংস্কৃতি জীয়াই থকাটো অতি আৱশ্যক বুলি মন্তব্য কৰে। তেওঁ সাহিত্য সৃষ্টি আৰু চৰ্চাৰ কামত নিজকে ব্ৰতী ৰাখি জাতীয় জীৱনত অৱদান আগবঢ়াবলৈ সাহিত্যিকসকলক আহ্বান জনায়।

নিৰ্দিষ্ট বক্তা ৰূপে বিশিষ্ট সাহিত্যিক কমলনাথ শৰ্মাই নেপালী সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈ গতিবিধি আৰু কাৰ্যপন্থাৰ ওপৰত বিতংভাবে আলোকপাত কৰে। সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বি টি চিৰ পাৰিষদ মাধৱ ছেত্ৰীয়ে জাতিৰ দাপোণ স্বৰূপ সাহিত্যক সকলোৱে আঁকোৱালী লৈ একত্ৰভাবে আগবাঢ়ি গ'লেহে নেপালী সাহিত্যৰ বিকাশৰ সম্ভৱ হৈ উঠিব বুলি মন্তব্য কৰে।

তেওঁ বি টি আৰত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ অস্তিত্বৰ সুৰক্ষাৰ ক্ষেত্ৰত জাতীয় সংস্থাবোৰে পদ্ধতিগতভাবে সংগ্ৰাম চলাই যাব লাগিব বুলি উল্লেখ কৰি সমাজৰ কোনো ব্যক্তিৰ ক্ষতি নোহোৱাকৈ অধিকাৰ আদায় কৰিব পাৰিব লাগিব বুলি স্পষ্ট কৰে। সভাত বি টি আৰ গোৰ্খা সমাজৰ সভাপতি উত্তম প্ৰধান, বি টি চি আগ্ছুৰ সাধাৰণ সম্পাদক হেমন্ত শৰ্মা, বি টি চি ক্ষেত্ৰীয় সমিতিৰ উপ-সভাপতি দূৰ্গা প্ৰসাদ ঘিমিৰে আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ক্লিক কৰি পঢ়কঃ কপালৰ ঘাম মাটিত পেলাই সেউজীয়াৰ সপোন দেখা খেতিয়কলৈ 'অসম গৌৰৱ বঁটা'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in