প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ ব্যক্তিগত সচিব ভূপেন্দ্ৰ নাথ বৰুৱাৰ মৃত্যু...

জন্মস্থান শিৱসাগৰত গভীৰ শোঁকৰ ছা
BHUPENDRA NATH BARUAH
BHUPENDRA NATH BARUAH

ডিজিটেল সংবাদ,শিৱসাগৰঃ প্ৰাক্তন প্ৰশাসনীয় বিষয়া তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ ব্যক্তিগত সচিব ভূপেন্দ্ৰ নাথ বৰুৱাৰ ৯৫ বছৰ বয়সত অষ্ট্ৰেলিয়াৰ ছিডনীত কালি নিশা মৃত্যু হয় ৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যতেই শোঁকৰ ছা পৰে ৷

তেঁও ১৯২৭ চনত শিৱসাগৰ চহৰৰ বেজবৰুৱা হাইস্কুলৰ সন্মুখৰ এটা সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল ৷ পিতৃৰ নাম আছিল যোগেন্দ্ৰনাথ বৰুৱা ৷

যোগেন্দ্ৰনাথ বৰুৱা বৃটিছৰ দিনত কোঁৱৰপুৰ মৌজাৰ মৌজাদাৰ আছিল ৷ শৈশৱৰ পৰাই অতি মেধা সম্পন্ন ভূপেন্দ্ৰ নাথ বৰুৱাই সেই সময়ৰ শিৱসাগৰ গৱৰ্ণমেন্ট বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষা পাছ কৰি উচ্চ শিক্ষাৰ বাবে শ্বিলঙলৈ যায় ৷ শ্বিলঙত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতে তেঁও ফকৰুদ্দিন অলি আহমেদৰ সান্নিধ্য লাভ কৰে। ইতিপূৰ্বে ফকৰুদ্দিন আলি আহমেদ অসমৰ মন্ত্ৰী হোৱাত তেওঁ ভূপেন্দ্ৰ নাথ বৰুৱাক ব্যক্তিগত সচিব ৰূপে নিযুক্তি দিয়ে ৷

পৰৱৰ্তী ১৯৭৪ চনত ফকৰুদ্দিন আলি আহমেদ ভাৰতৰ পঞ্চম গৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাত শিৱসাগৰৰ সন্তান ভূপেন্দ্ৰ নাথ বৰুৱাকো দিল্লীলৈ তেঁওৰ ব্যক্তিগত সচিব ৰূপে লৈ যায় ৷

ৰাজধানী দিল্লীত কেইবাবছৰো সেৱা আগবঢ়োৱাৰ পিছত তেঁও অসম চৰকাৰৰ উপ সচিব ৰূপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ যোৱা ১৫ বছৰৰ পূৰ্বে তেওঁ দুই পুত্ৰৰ লগত অষ্ট্ৰেলিয়াৰ ছিডনীলৈ যায় ৷ তেতিয়াৰ পৰাই তেঁও তাতেই বসবাস কৰি আছিল। কালি নিশা তেওঁ অষ্ট্ৰেলিয়াতে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত বৰুৱাই পত্নীৰ লগতে দুই পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় ৷

তেঁওৰ মৃত্যুত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা গড়গাঁও কলেজৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত, সম্পাদক খলিলুৰ ৰহমান হাজৰিকা, আছুৰ সহকাৰী সম্পাদক সমীৰণ ফুকন, আটাছুৰ কাৰ্য্যকৰী সভাপতি বসন্ত গগৈৰ লগতে বহু অনুষ্ঠান, প্ৰতিষ্ঠান, দল সংগঠনে গভীৰ শোঁক প্ৰকাশ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in