/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8279e009-a213-4ffd-ba86-38c39c54de0c/16.jpg)
ডিজিটেল ডেস্কঃ বেটে - বলে পৰাক্ৰম দেখুৱাই ছুপাৰ - ৮ৰ মেচত বিজয় সাব্যস্ত কৰিছে টীম ইণ্ডিয়াই। বৃহস্পতিবাৰে অনুষ্ঠিত গুৰুত্বপূৰ্ণ এই মেচখনত ভাৰতে প্ৰতিপক্ষ আফগানিস্তানক ৪৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1ea25c06-d840-475f-b72f-17c6b4758da1/2dc90051-c455-40d7-8f7d-b837658c2fc4.jpg)
প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত অভাৰত ১৮১ ৰান সংগ্ৰহ কৰে। এই ৰানৰ মূলতে সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক অৰ্ধশতক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e78614f3-dc26-4545-b264-646af14f8f84/0ba841a4-1b4b-4e2a-95b6-7279f6d228b6.jpg)
ইফালে ভাৰতে বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ১৩৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই আফগানিস্তানে পৰাজয়বৰণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে বুমৰাহ, কুলদীপ যাদৱৰ নিয়ন্ত্ৰিত বলিঙে আফগানিস্তানক আৰম্ভণিৰ পৰাই শ'লঠেকত পেলাইছিল।
Also Read: দৰং জিলা সাহিত্য সভাৰ উদ্যোগত আবৃত্তি কৰ্মশালা...