দৰং জিলা সাহিত্য সভাৰ উদ্যোগত আবৃত্তি কৰ্মশালা...

দৰং জিলা সাহিত্য সভাৰ উদ্যোগত আবৃত্তি কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
দৰং জিলা সাহিত্য সভাৰ উদ্যোগত আবৃত্তি কৰ্মশালা...

ডিজিটেল সংবা, মঙলদৈঃ দৰং জিলা সাহিত্য সভাৰ 'কুঁহি' উপসমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আবৃত্তি কর্মশালা আৰু আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত হয়। এই উপলক্ষে ১৯জুনত কুঁহিৰ আহ্বায়িকা ডঃ লীনা শইকীয়াৰ তত্ত্বাবধানত এই কৰ্মশালা অনুস্থিত হয়।

Advertisment

এই আবৃত্তি কর্মশালাত সমল ব্যক্তি হিচাপে মঙলদৈ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ প্ৰণামিকা শৰ্মা আৰু আবৃত্তিকাৰ জয়িতা শাণ্ডিল্যই শতাধিক ছাত্ৰ-ছাত্ৰীসকলক কবিতা আবৃত্তিৰ নিয়ম, কথনশৈলী, শব্দ জ্ঞান, উচ্চাৰণ আদিৰ বিষয়ে শিকোৱাৰ লগতে কেইবাটাও জনপ্ৰিয় কবিতা ছাত্ৰ-ছাত্ৰীৰ লগত আবৃত্তি কৰে। আনহাতে বৃহস্পতিবাৰে অনুষ্ঠিত হয় আবৃত্তি প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাত ভ্ৰান্তি হাজৰিকা আৰু প্ৰিয়াংশ্ৰী শিৱমে প্ৰথম, বনশ্ৰী বড়ো আৰু সোণালী মণ্ডলে দ্বিতীয়, পাৰভেজ নুৰুদ্দিনে তৃতীয় আৰু সৃষ্টিশিখা বৰা আৰু উদ্দীপনা ডেকাই তৃতীয় স্থান লাভ কৰে। স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলকক বঁটা প্ৰদান কৰা হয়।

Also Read: কাজলগাঁৱত এবছুৰ উদ্যোগত ৰাভা দিৱস উদযাপন...

sahitya sabha