টিহু মহাবিদ্যালয়ত কেঁচুসাৰ উৎপাদনৰ কৰ্মশালা সম্পন্ন...

টিহু মহাবিদ্যালয়ত কেঁচুসাৰ উৎপাদনৰ কৰ্মশালা সম্পন্ন...

author-image
Asomiya Pratidin
New Update
টিহু মহাবিদ্যালয়ত কেঁচুসাৰ উৎপাদনৰ কৰ্মশালা সম্পন্ন...

ডিজিটেল সংবাদ, নলবাৰীঃ শিক্ষাৰ্থী আৰু স্থানীয় লোকৰ মাজত বহনক্ষম পদ্ধতি আৰু পৰিৱেশ সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যেৰে ২০মে'ত নলবাৰী জিলাৰ টিহু মহাবিদ্যালয়ৰ ইক’ ক্লাবৰ উদ্যোগত মহাবিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান আৰু উদ্ভিদবিজ্ঞান সমিতিৰ সহযোগত ‘কেঁচুসাৰ আৰু ইয়াৰ প্ৰয়োগ’ বিষয়ক এক তথ্যসমৃদ্ধ আৰু আকৰ্ষণীয় কৰ্মশালাৰ আয়োজন কৰা হয়।

Advertisment

অনুষ্ঠানৰ আৰম্ভণিতে টিহু মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ মঞ্জুলা ডেকাই বহনক্ষম কৃষি পদ্ধতিৰ গুৰুত্ব আৰু আৱৰ্জনা ব্যৱস্থাপনা আৰু মাটিৰ স্বাস্থ্যত বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰাকৈ কেঁচুসাৰৰ সম্ভাৱনীয়তাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মানৱজ্যোতি কলিতা আৰু বৰমাৰ প্ৰগতিশীল কৃষক আৰু উদ্যোগী কণিকা তালুকদাৰে আমন্ত্ৰিত বক্তা হিচাপে অংশ লয়।

এই কৰ্মশালাখনত বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তি, শিক্ষাৰ্থী তথা অধ্যাপকসকলে অংশ লয়। কৰ্মশালাখনত টিহু হাইস্কুল, টিহু ছোৱালী হাইস্কুল, সৰ্বেশ্বৰ দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়কে ধৰি অঞ্চলটোৰ ১০খন বিদ্যালয়ৰপৰা ১২০ গৰাকী শিক্ষাৰ্থীৰ লগতে টিহু মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থীয়ে ঔৎসুকতাৰে এই কাৰ্যসূচীত ভাগ লয়। অধ্যাপক ডঃ সুৰেশ ভৰালীয়ে কৰ্মশালাখন আহ্বান কৰে।

টিহু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ডঃ ৰীতা চৌধুৰীয়ে কৰ্মশালাখনৰ আয়োজনত নিখুঁত পৰিকল্পনা আৰু সম্পাদনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ জৰিয়তে এই কৰ্মশালাখনৰ সফলতা নিশ্চিত কৰে। প্ৰাণীবিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপকসকলেও কৰ্মশালাখন পৰিচালনাত বাৰুকৈয়ে সহযোগ আগবঢ়ায়।

কৰ্মশালাখনে কেঁচুসাৰৰ উৎপাদন প্ৰক্ৰিয়া, ইয়াৰ সুবিধা আৰু ব্যৱহাৰিক প্ৰয়োগৰ বিষয়ে মূল্যৱান তথ্য প্ৰদান কৰে। মানৱজ্যোতি কলিতা আৰু কণিকা তাকুকদাৰে বহনক্ষম কৃষি আৰু আৱৰ্জনা ব্যৱস্থাপনাত কেঁচুসাৰৰ গুৰুত্ব বিষয়ত আলোকপাত কৰি নিজৰ বিশেষজ্ঞতা আৰু অভিজ্ঞতা ভাগ-বতৰা কৰাৰ লগতে কৌশল প্ৰদৰ্শনৰ লগতে অংশগ্ৰহণকাৰীসকলক হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰে। ফলত কৰ্মশালাখন অতিশয় আন্তৰিকতাপূৰ্ণ আৰু শিক্ষামূলক হয়।

Also Read: টীয়কত বিধ্বংসী অগ্নিকাণ্ডঃ কথমপি প্ৰাণ ৰক্ষা গৃহস্থৰ

tihu