ভাৰত-ম্যানমাৰ কালাদান জলপথ: কলকাতা বন্দৰৰ পৰা ৪ মে'ত প্ৰথম পৰীক্ষামূলক মালবাহী জাহাজ...

ভাৰত-ম্যানমাৰ কালাদান জলপথ: কলকাতা বন্দৰৰ পৰা ৪ মে'ত প্ৰথম পৰীক্ষামূলক মালবাহী জাহাজ...

ডিজিটেল ডেস্ক : ৪ মে'ত ভাৰত-ম্যানমাৰ সংযোগী প্ৰথমখন পৰীক্ষামূলক জাহাজ। পূৰ্বতে কলকাতা বন্দৰ নামেৰে জনাজাত কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰে কালাদান মাল্টিমডেল ট্ৰাঞ্জিট পৰিবহণ প্ৰকল্পৰ অংশ হিচাপে ম্যানমাৰৰ চিটৱে লৈ পৰীক্ষামূলক ভাবে আৰম্ভ কৰিব এখন মালবাহী জাহাজ। এই তথ্য সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী সান্তানু ঠাকুৰে।

চিটৱে বন্দৰ মুকলি কৰিলে ভাৰতৰ স্থলবেষ্টিত উত্তৰ-পূবৰ ৰাজ্যসমূহক এক বিকল্প পথ প্ৰদান কৰি ভাৰত আৰু ম্যানমাৰৰ মাজত বাণিজ্য আৰু বাণিজ্যক কাম-কাজ বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। কিয়নো বৰ্তমান শিলিগুৰি কৰিডৰৰ জৰিয়তে সীমিত প্ৰৱেশাধিকাৰেহে ভাৰত-ম্যানমাৰৰ বাণিজ্য অব্যাহত আছে বুলি মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে।

তদুপৰি তেওঁ মত প্ৰকাশ কৰে যে, এই জলপথটোৱে চিটৱে বন্দৰহৈ উত্তৰ-পূব অঞ্চললৈ আন এটা প্ৰৱেশদ্বাৰ প্ৰদান কৰিব। বন্দৰ যাত্ৰাৰ বাবে সাজু হোৱা কৰ্মচাৰী সকলক শুভেচ্ছা জনাই এছএমপিৰ অধ্যক্ষ এইচ এল হৰন্ধে কয় যে, চলিত বিত্তীয় বৰ্ষত ৭৪-৭৫ নিযুত টন কাৰ্গো পৰিচালনা কৰাৰ লক্ষ্য কৰা হৈছে। বিত্তীয় বৰ্ষ ২০২৩ ত ৬৫.৬৬ নিযুত টন লক্ষ্য নিৰ্ধাৰিণ কৰাত, আগৰ বছৰৰ তুলনাত ১২.৮৭% বৃদ্ধি পাইছে।

উল্লেখ্য যে, ম্যানমাৰত ভাৰতৰ চিটৱে বন্দৰ কালাদান মাল্টিমডেল ট্ৰাঞ্জিট ট্ৰান্সপোৰ্ট প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে, যাৰ ব্যয় হৈছে ৫০০ নিযুত টকা। আনহাতে কালাদান মাল্টিমডেল ট্ৰাঞ্জিট পৰিবহণ প্ৰকল্পৰ লক্ষ্য হৈছে চিটৱেত গভীৰ পানীৰ বন্দৰ নিৰ্মাণ কৰি, কালাদান নদীৰ ড্ৰেজিং কৰি, পালেটৱাত নদী বন্দৰ নিৰ্মাণ কৰা আৰু ভাৰত-ম্যানমাৰ সীমান্তৰ পালেটৱাৰ পৰা মাইইকোৱালৈ ঘাইপথ উন্নীত কৰি দুয়োখন দেশৰ আন্তঃগাঁথনি আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা।

ভাৰত-ম্যানমাৰ কালাদান জলপথ: কলকাতা বন্দৰৰ পৰা ৪ মে'ত প্ৰথম পৰীক্ষামূলক মালবাহী জাহাজ...
ডি:বি:ৰ একবিংশতম দীক্ষান্ত সমাৰোহ: সাহিত্যিক নিৰুপমা বৰগোহাঞিক ডি লিট্ সন্মান, ৩৯ জন শিক্ষাৰ্থীলৈ স্বৰ্ণ পদক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in