/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/979f4496-6b37-4493-802a-a74c92e2bb25/DU.jpg)
ডিজিটেল ডেস্ক : ১৯৬৫ চনতে প্ৰতিষ্ঠা হোৱা ৰাজ্যৰ এখন অন্যতম বিশ্ববিদ্যালয় হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়। বুধবাৰে এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ একবিংশতম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধানখেড়, ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি কেইবাগৰাকীও আগশাৰীৰ ব্যক্তিৰ উপস্থিতিত সমাপন কৰা হয় এই সমাৰোহ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/be4ba3ae-940e-4389-b80d-e361f0a6c6fc/WhatsApp_Image_2023_05_03_at_4_33_50_PM__1_.jpeg)
বিশ্ববিদ্যালয়খনৰ পৰা ইতিমধ্যেই ৩৭ টা বিভাগ আৰু ৩৬ টা কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলে সমাৰোহত আনুষ্ঠানিক প্ৰমাণ পত্ৰ গ্ৰহণ কৰে। এই একবিংশতম দীক্ষান্ত সমাৰোহত স্বনামধন্য সাহিত্যিক নিৰুপমা বৰগোহাঞিক সন্মানীয় ডি লিট্ আৰু বতৰ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বতৰ বিজ্ঞানী ড০ ভূপেন্দ্ৰ নাথ গোস্বামীক ডি এচ চি সন্মানেৰে সন্মানিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b72d3b6c-bd82-4afe-9ca7-8e9f5e25b4cf/WhatsApp_Image_2023_05_03_at_4_33_50_PM.jpeg)
আনহাতে বিশ্ববিদ্যালয়খনৰ ১৬৮৪ জন ছাত্ৰ-ছাত্ৰীক এই দীক্ষান্ত সমাৰোহত আনুষ্ঠানিক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ইয়াৰে ৭৫ জন পি এইছ ডি, ৭২ জন এম ফিল, ৩৯ জন শিক্ষাৰ্থীক স্বৰ্ণ পদক, ৩ জন শিক্ষাৰ্থীক কলা, বিজ্ঞান আৰু বাণিজ্য শিতানত শ্ৰেষ্ঠ স্নাতকৰ স্বৰ্ণ পদক প্ৰদান কৰা হয়। তদুপৰি নৃতত্ত্ব বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থী গৰাকীক জোনালী ক্ৰপি মেম'ৰিয়েল এনড্ৰণমেন্ট এৱাৰ্ড এণ্ড গ'ল্ড মেডেল সন্মানেৰে সন্মানিত কৰা হয়।
Also Read: কাৰাগাৰৰ পৰা বাহিৰলৈ আহোঁতেই পুনৰ গ্ৰেপ্তাৰ শৃংখল চলিহাক...