আৰক্ষীৰ বেশত অপহৰণকাৰীঃ কথমপি প্ৰাণ ৰক্ষা কৃষক মুক্তি সংগ্ৰাম সমিতৰ সদস্যৰ

কামৰূপ জিলাৰ বিহদিয়াত ফুট-গধূলীতে কৃষক মুক্তি সংগ্ৰাম সমিতৰ সদস্যক অপহৰণ কৰাৰ চেষ্টা। আৰক্ষীৰ বেশত অসম পুলিচ লিখা বলেৰ' বাহনত আহিছিল অপহৰণকাৰী দলটো। চলন্ত বাহনৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা ৰূপজ্যোতি কাকতি নামৰ যুৱকৰ...
আৰক্ষীৰ বেশত অপহৰণকাৰীঃ কথমপি প্ৰাণ ৰক্ষা কৃষক মুক্তি সংগ্ৰাম সমিতৰ সদস্যৰ

ডিজিটেল সংবাদ, দুমুনিচকীঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বিহদিয়াৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন সদস্যক অপহৰণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ বেশত অহা অপহৰণকাৰী দলটোৱে আৰক্ষী প্ৰশাসনৰ লোকেৰে গিজগিজাই থকা বাইহাটা চাৰিআলিৰ মাজেৰে ফুট-গধূলীতে যুৱকক অপহৰণ কৰি লৈ যোৱা ঘটনাই স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপটোক পুনৰ বাৰ উন্মোচিত কৰিছে।

ঘটনা অনুসৰি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ধুলাৰা গাঁও নিবাসী তথা কৃষক মুক্তি সংগ্ৰাম সমিতৰ কামৰূপ জিলা সমিতিৰ সদস্য ৰূপজ্যোতি কাকতিয়ে(২০) বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিজৰ দায়িত্ব শেষ কৰি সন্ধিয়া প্ৰায় ৭ বজাত গৃহভিমুখে ৰাওনা হয়। তেনে সময়তে অসম পুলিচ বুলি লিখা থকা এখন বলেৰ' বাহন আহি ৰূপজ্যোতিৰ কাষত ৰখাই। বাহনখনৰ ভিতৰত আৰক্ষীৰ বেশত অহা দলটোৰ কেইজনমানে হিন্দী চিনেমাৰ কাইদাৰে ৰূপজ্যোতিৰ মুখত খোপা মাৰি ধৰি বলেৰ' বাহনখনত উঠাই নিয়ে ৰূপজ্যোতিক।

ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ পৰা ৰূপজ্যোতিয়ে চিঞৰিবলৈ চেষ্টা কৰে যদিও দলটোৱে হাতত বেজি দি ৰূপজ্যোতিক অচেতন কৰাৰ বাবে চেষ্টা চলায়। যাৰ ফলত অৰ্ধচেতন হৈ পৰে ৰূপজ্যোতি। পিছত কমলপুৰৰ যানজঁটত বাহনৰ গতি মন্থৰ হোৱাৰ সুযোগ গ্ৰহণ কৰি চলন্ত বাহনৰ পৰা দুৱাৰ খুলি জঁপিয়াই অপহৰণকাৰীৰ পৰা মুক্ত হয় ভুক্তভোগী। চলন্ত বাহনৰ পৰা জঁপিয়াই পৰা দৃশ্য দেখি ঘটনা সন্দৰ্ভত জানিবলৈ যোৱা উৎসুক লোকক দেখি বাহনসহ অপহৰণকাৰী দলটোৱে পলায়ন কৰে।

ঘটনাৰ খবৰ পাই কমলপুৰ থানাৰ আৰক্ষীয়ে অৰ্ধচেতন ৰূপজ্যোতিক কমলপুৰত চিকিৎসাৰ ব্যৱস্থা কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম ছি এইছলৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু পৰিয়ালৰ তৰফৰ পৰা বাইহাটা চাৰিআলি আৰক্ষী থানাত পৃথককৈ দুখন এজাহাৰ দাখিল কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰক্ষীৰ বেশত অহা অপহৰণকাৰী দলটোক ২৪ ঘণ্টাৰ ভিতৰত আটক কৰাৰ দাবী উত্থাপন কৰিছে। অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

আৰক্ষীৰ বেশত অপহৰণকাৰীঃ কথমপি প্ৰাণ ৰক্ষা কৃষক মুক্তি সংগ্ৰাম সমিতৰ সদস্যৰ
ৰাজ্যত পুনৰ নাৰী সৰবৰাহৰ ঘটনা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in