মহিলাৰ বিৰুদ্ধে অপৰাধ; ভাৰতত প্ৰতি দিনেই ৮৬ টা ধৰ্ষণৰ গোচৰ: চৰকাৰী তথ্য

মহিলাৰ বিৰুদ্ধে অপৰাধ; ভাৰতত প্ৰতি দিনেই ৮৬ টা ধৰ্ষণৰ গোচৰ: চৰকাৰী তথ্য

ডিজিটেল ডেস্ক: ভাৰতত ২০২১ চনত ৩১,৬৭৭ টা ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছিল।। অৰ্থাৎ, দেশত দৈনিক গড়ে ৮৬ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল যোৱা বৰ্ষত। দেশপ অপৰাধ সম্পৰ্কে চৰকাৰৰ নতুন প্ৰতিবেদন অনুসৰি, দেশত প্ৰতি ঘণ্টাত মহিলাৰ বিৰুদ্ধে অপৰাধৰ প্ৰায় ৪৯টা গোচৰ ৰুজু কৰা হৈছিল।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ 'ভাৰতত অপৰাধ- ২০২১' প্ৰতিবেদন অনুসৰি, ২০২০ চনত দেশত পঞ্জীয়ন কৰা ধৰ্ষণৰ গোচৰৰ সংখ্যা আছিল ২৮,০৪৬ টা, আনহাতে ২০১৯ চনত ৩২,০৩৩ টা ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছিল।

ৰাজ্য অনুসৰি, এই ক্ষেত্ৰত ৰাজস্থান ৬,৩৩৭) প্ৰথম স্থানত আছিল। ইয়াৰ পাছত মধ্য প্ৰদেশ (২,৯৪৭), উত্তৰ প্ৰদেশ (২,৮৪৫) আৰু মহাৰাষ্ট্ৰ (২,৪৯৬)।

২০২১ চনত, দেশৰ ৰাজধানী দিল্লীত ১২৫০ টা ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছিল। এনচিআৰবিৰ মতে, ধৰ্ষণৰ অপৰাধৰ হাৰ (প্ৰতি লাখ জনসংখ্যাত) ৰাজস্থানত সৰ্বাধিক আছিল (১৬,৪), তাৰ পাছত চণ্ডিগড় (১৩.৩), দিল্লী (১২.৯), হাৰিয়ানা (১২,৩) আৰু অৰুণাচল প্ৰদেশ (১১.১)। সৰ্বভাৰতীয় গড় হাৰ আছিল ৪.৮।

২০২১ চনত, দেশত মহিলাৰ বিৰুদ্ধে অপৰাধৰ মুঠ সংখ্যা ৪,২৮,২৭৮ টা গোচৰ ৰুজু হৈছিল। অপৰাধৰ হাৰ (প্ৰতি এক লাখ জনসংখ্যাত) আছিল ৬৪.৫ শতাংশ। চৰকাৰী পৰিসংখ্যা অনুসৰি এনে অপৰাধত চাৰ্জ শ্বীটিং হাৰ আছিল ৭৭.১।

মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা আছিল ২০২০ চনত ৩,৭১,৫০৩ আৰু ২০১৯ চনত ৪,০৫,৩২৬ টা। মহিলাৰ বিৰুদ্ধে অপৰাধৰ ভিতৰত আছে ধৰ্ষণ, ধৰ্ষণ আৰু হত্যা, যৌতুক, এচিড আক্ৰমণ, আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা, অপহৰণ, বলপূৰ্বক বিবাহ, মানৱ সৰবৰাহ আৰু অনলাইন নিৰ্যাতন আদি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in