স্বাধীন ভাৰতৰ নাগৰিক হৈয়ো স্বাধীনতা ক'ত ?

স্বাধীন ভাৰতৰ নাগৰিক হৈয়ো স্বাধীনতা ক'ত ?

সমাগত দেশৰ স্বাধীনতা দিৱস। ৭৬টাকৈ স্বাধীন বৰ্ষ অতিক্ৰম কৰি এইবাৰ ভাৰতবৰ্ষই পালন কৰিব ৭৭তম স্বাধীনতা দিৱস। এই দিৱস উপলক্ষে ধৰ্মেন্দ্ৰ খাখলাৰীয়ে ৰচনা কৰা "স্বাধীন ভাৰতৰ নাগৰিক হৈয়ো স্বাধীনতা ক'ত ?" শীৰ্ষক কবিতোটি অসমীয়া প্ৰতিদিন ডিজিটেলৰ মোৰ মত শিতানত হুবহু প্ৰকাশ কৰা হ'ল...

স্বাধীন ভাৰতৰ নাগৰিক হৈয়ো স্বাধীনতা ক'ত ?

আপোনাৰ গাত স্বাধীনতা লাগিছে নে ?

লাগিছে চাগে ন

লাগিব পাৰে

মোৰ গাত কিন্তু স্বাধীনতা লগা নাই দেই ।

স্বাধীনতা কিয় লগা নাই জানেনে ?

মোৰ গাত স্বাধীনতা লগা নাই

চৰকাৰে GST বঢ়োৱা বাবে ।

ব্যক্তিগত আৱাসিক হোষ্টেলৰ মালিকৰ ওপৰত চৰকাৰে ১২% GST ৰ কৰ ধাৰ্য কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ ওপৰত ৰামটাঙোন সোধাই হাৰা শাস্তি কৰা নাইনে ?

মোৰ গাত স্বাধীনতা লগা নাই

পথত টোলগেট বহোৱাই ৰাইজক টেটুচেপা দিয়াৰ বাবে

মোৰ গাত স্বাধীনতা লগা নাই

এনকাউণ্টাৰ কৰি নিৰীহজনক

আদালতৰ প্ৰমাণ বিচাৰ নোহোৱাকৈ

নিৰ্বিচাৰে অমানৱীয়ভাৱে

গুলীয়াই হত্যা কৰাৰ বাবে ।

মোৰ গাত স্বাধীনতা লগা নাই

কিয় জানা ?

আদালতৰ অৰ্দাৰ নোহোৱাকৈয়ে

বুলড'জাৰ চলাই ঘৰ ভাঙি দিয়াৰ বাবে।

মোৰ গাত স্বাধীনতা লগা নাই

কিয় জানা ?

এজন দুখীয়া কৃষক হৈয়ো

নিজৰ ধনেৰে নিজৰ খেতি ডৰাত

ইউৰিয়া সাৰ দিবলৈ, সাৰ কিনিবলৈও

কোনোবা চৰকাৰী এজেণ্টৰ ওচৰত গৈয়ো

হাবাথুৰি খাই উভতি আহিব লগাত পৰা বাবে।

মোৰ দৰে আন এশজন কৃষকৰ ক্ষেত্ৰতো

মোৰ দৰেই এবেগ ইউৰিয়া সাৰৰ বাবে হাহাকাৰ কৰিব লগা হোৱা বাবে

মোৰ গাত কিন্তু স্বাধীনতা লগা নাই ।

বাৰিষাৰ সময়তো বৰষুণ আৰু জলসিঞ্চনৰ পানীৰ অভাৱত কৃষকসকলে হাহাকাৰ কৰিব লগীয়া হোৱা বাবে

চৰকাৰ তথা জলসিঞ্চন বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ বাবে মোৰ গাত অকণো স্বাধীনতা লগা নাই ।

মাৰ্কেটিঙৰ চাউল আনিবলৈও চৰকাৰী মেৰপেচত ৰাইজ বন্দি, কিয়নো তিৰংগা পতাকা ল'লেহে হেনো চাউল পাব

তিৰংগা পতাকাও ঘৰে ঘৰে উৰুৱাব লাগে

নহ'লে কোনোবা চৰকাৰী কৰ্মচাৰী চৰকাৰৰ ৰোষৰ বলি হোৱাৰ সম্ভাৱনা!

নিৰ্বাচিত এখন চৰকাৰ থকাৰ পিছতো

PWD এটা বিভাগ থকাৰ পিছতো

যমৰ যন্ত্ৰণাৰে ৰাইজৰ যাতায়ত

গেছ চিলিণ্ডাৰ, পেট্ৰ'ল ডিজেলৰ অবাধ হাৰত মূল্যবৃদ্ধি

বজাৰত জুইচাই দাম

তাৰ পিছত

কিবা সুখ আৰু আনন্দ আছেনে ?

ৰচনা (১৪/৮/২০২২)

স্বাধীন ভাৰতৰ নাগৰিক হৈয়ো স্বাধীনতা ক'ত ?
স্বাধীনতাৰ অমৃত কালতো উপেক্ষিত স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in