স্বাধীনতাৰ অমৃত কালতো উপেক্ষিত স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তি...

স্বাধীনতাৰ অমৃত কালতো উপেক্ষিত স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তি

author-image
Asomiya Pratidin
New Update
স্বাধীনতাৰ অমৃত কালতো উপেক্ষিত স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তি...

ডিজিটেল সংবাদ, নগাঁওঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অমৃতকালতো নগাওঁ জিলাৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা লোকসেৱক হলধৰ ভূঞাৰ প্ৰতিমূৰ্তি উপেক্ষিত অৱস্থাত। নিজ জন্মভূমিতে থকা প্ৰতিমূৰ্তিটো উপেক্ষিত হোৱাত স্বাধীনতা সংগ্ৰামীজনৰ পৰিয়াল তথা স্থানীয় ৰাইজে উজাৰিছে ক্ষোভ।

Advertisment

উল্লেখ্য যে, ভাৰতৰ স্বাধীনতাই ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে সমগ্ৰ দেশ জুৰি উদযাপিত "আজাদী কা অমৃত মহোৎসৱ"ৰ চূড়ান্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক পদক্ষেপ 'মেৰী মাটি মেৰা দেশ' মাটি কো নমন, বীৰো কা বন্দন অভিযান চলিত বৰ্ষৰ ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশৰ শ্বহীদ বীৰ পুৰুষ-মহিলাসকলক সন্মান জনোৱা হৈছে। এই কাৰ্যসূচী নগাঁও জিলাতো উদযাপন কৰা হৈছে।

এনে সময়তে ভাৰত ত্যাগ আন্দোলনত নগাঁও জিলাক নেতৃত্ব দি বৃটিছৰ কাৰাবাস খটা লোকসেৱক হলধৰ ভূঞাৰ প্ৰতিমূৰ্তিটো অতিকে জৰাৰ্জীৰ্ণ ৰূপ লোৱাত স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাবি-জংঘলে আৱৰি থকা প্ৰতিমূৰ্তিটোৰ প্ৰতি দৃষ্টি দিয়া নাই কামপুৰ তথা নগাওঁ জিলা প্ৰশাসনে।

১৮৯১ চনত জন্মগ্ৰহণ কৰা আৰু ১৯৬৮ চনত মৃত্যুবৰণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰো প্ৰতিষ্ঠাপক লোকসেৱক হলধৰ ভূঞাৰ প্ৰতিমূৰ্তিটো ২০১০ চনত জন্মগাওঁ কামপুৰৰ তেঁতেলীসৰাত স্থাপন কৰিছিল শ্ৰীমন্ত শংকৰ মিচনে। মূৰ্তিটো ২০১০ চনৰ ৫ ডিচেম্বৰত মুকলি কৰিছিল সেই সময়ৰ দুই মন্ত্ৰী ৰকিবুল হুছেইন আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অভিযোগ অনুসৰি নিম্নমানদণ্ডৰে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা বাবে উন্মোচনৰ কিছুদিন পিছতেই ভাঙিবলৈ আৰম্ভ কৰে। এই সন্দৰ্ভত প্ৰশাসনকে ধৰি বিভিন্ন পক্ষক প্ৰতিমূৰ্তিটো পুনৰ নিৰ্মাণ অথবা মেৰামতিৰ বাবে অনুৰোধ জনাই অহাৰ পিছতো কোনো ফল নধৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। তৎকালে স্বাধীনতা সংগ্ৰামী জনৰ প্ৰতিমূতিটো নিৰ্মাণ অথবা মেৰামতি কৰিবলৈ দাবী জনাইছে অঞ্চলবাসীয়ে।

Also Read: প্ৰসংগ-লখিমপুৰৰ এনকাউণ্টাৰঃ আৰক্ষীয়ে ক'লে- 'অসাৱধানতাৰ বাবে ফুটিল গুলী'

GOVT OF ASSAM