/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/65ip87vp/2.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া: সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়টো ওলহ মালহেৰে দেশৰ ৭৮ তম স্বাধীনতা দিৱস পালন কৰে। পুৱা ৮বজাত পি এম শ্ৰী ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ শেষানুজ সৰকাৰে জাতীয় পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
পতাকা উত্তোলন কৰি অধ্যক্ষ সৰকাৰে দেশৰ স্বাধীনতা সংগ্ৰামৰ সেনানীসকলৰ মহান ত্যাগক স্মৰণ কৰি বীৰ ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। উল্লেখ্য যে দেশৰ ৭৮ তম স্বাধীনতা দিৱস উপলক্ষে পি এম শ্ৰী ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সংগীত বিভাগৰ শিক্ষক শ্ববিট বন্ধুৰ নেতৃত্বত দেশভক্তি মূলক নৃত্য-গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ।
Also Read: জোনাইত স্বাধীনতা দিৱস উপলক্ষে বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us