/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/9a10ummr/1.jpg)
ডিজিটেল সংবাদ, জোনাই: জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে জোনাই গান্ধী ময়দানত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। প্ৰথমতে জোনাই মহকুমাধিপতি শান্তনু গগৈয়ে পুৱা ৮-৪৫ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্প মাল্যাৰ্পণ কৰে। ইয়াৰ পিছত গান্ধী ময়দানত অনুষ্ঠিত হোৱা মহকুমা প্ৰশাসনৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জোনাই মহকুমাধিপতি শান্তনু গগৈয়ে আৰক্ষী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ কুচ-কাৱাজ দলৰ অভিবাদন গ্ৰহণ কৰাৰ পিছত জাতীয় পতাকা উত্তোলন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/fbv34rbv/1986eaf1-e33e-47b3-be8a-435c561dbf4b.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/932f0zn3/0ab4a604-03eb-4308-b042-7c0ac23f3125.jpg)
মহকুমাধিপতি শান্তনু গগৈয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে স্বাধীনতা সংগ্ৰামত ছহিদ বীৰ-বীৰাংগনসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে জোনাই মহকুমাৰ বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। ইপিনে জোনাই মহকুমা প্ৰশাসনৰ উক্ত স্বাধীনতা দিৱস অনুষ্ঠানত মহকুমা প্ৰশাসন তৰফৰ পৰা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/spypnlty/9b7991a5-d96d-4b1f-aec5-07f6f5e6d1ae.jpg)
সেইমতে বলেশ্বৰ কাৰ্দঙক বিশিষ্ট সমাজসেৱক, বিজয় কুমাৰ পেগুক কৃতী শিক্ষক, বিজয় বৰিক বিশিষ্ট সাহিত্যিক, তৰাৱতী মিলি বৰি, লক্ষী হাজৰিকাক লোকশিল্পী, অশোক কুমাৰ পাৰিকক বিশিষ্ট সাংবাদিক, শুক্ৰধৰ বসুমতাৰীক প্ৰগতিশীল কৃষক, নৱ কুমাৰ পেগুক প্ৰকৃতিকৰ্মী, জয়ৰাজ পেগুক ৰাষ্ট্ৰীয় বেডমিনণ্টন খেলুৱৈ হিচাপে আৰু কৃতী শিক্ষাৰ্থী হিচাপে বংশ বাজাজ, উদয় ৰেগন আৰু পুষ্পান কাৰ্দঙক ফুলাম গামোচা আৰু প্ৰশস্তি পত্ৰৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে বাৰেৰহনীয়া নৃত্য প্ৰদৰ্শন কৰে। ইপিনে জোনাই প্ৰেছ ক্লাবত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি ৰয়েল পেগুৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/asghiyqm/20488cf1-893f-4822-a5e3-2a4c1edc0dba.jpg)
Also Read: লামডিঙত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন