বৰ্ষাপাৰাৰ পাছত ইডেনত জয়লাভ ভাৰতৰ

তিনিখনীয়া এদিনীয়া শৃংখলাত ভাৰতে বৰ্ষাপাৰা আৰু ইডেনত জয়লাভ কৰি ২-০ৰ ব্যৱধানত শৃংখলা দখল কৰে

author-image
Asomiya Pratidin
New Update
বৰ্ষাপাৰাৰ পাছত ইডেনত জয়লাভ ভাৰতৰ

বৰ্ষাপাৰাৰ পাছত ইডেনত জয়লাভ ভাৰতৰ

ডিজিটেল ডেস্কঃ ক্ৰমাগতভাৱে শ্ৰীলংকাৰ বিপক্ষে দুখন মেচত জয়লাভ ভাৰতীয় ক্ৰিকেট দলৰ। বৰ্ষাপাৰাৰ পাছত ইডেনত জয়লাভ ভাৰতৰ। বৃহস্পতিবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়া মেচত শ্ৰীলংকাৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে।

Advertisment

টছত জয়ী হৈ আলহী দল শ্ৰীলংকাই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। সেয়ে নিৰ্ধাৰিত অভাৰত দাচুন চানাকা নেতৃত্বাধীন শ্ৰীলংকাই আটাইকেইটা উইকেট হেৰুৱাই ২১৫ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৪০ টা বল বাকী থকা অৱস্থাতে ৬ উইকেটৰ বিনিময়ত ২১৯ ৰাণ সংগ্ৰহ কৰি বিজয়ী হয়। এই জয়ৰ মূলতে উইকেট কীপাৰ বেটাৰ কে এল ৰাহুলৰ অনবদ্য অৰ্ধশতক।

ৰাহুলে দৃঢ়তাৰে উইকেটত তিষ্ঠি থাকি ৬৪ ৰাণত অপৰাজিত থাকে। প্ৰথমাৱস্থাত টপ অৰ্ডাৰৰ বেটিং ব্যৰ্থতাৰ বাবে মিডল অৰ্ডাৰত ৰাহুল,পাণ্ডিয়া আৰু অক্ষৰ পেটেলে দৃঢ়তাৰে ইনিংছ আগুৱাই নি দলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে।

আনহাতে বলিংত ছিৰাজ আৰু কুলদীপ যাদৱে ৩টাকৈ উইকেট দখল কৰাৰ বিপৰীতে উমৰান মালিকে ২টা উইকেট লাভ কৰে। উল্লেখ্য যে তিনিখনীয়া এদিনীয়া শৃংখলাত ভাৰতে বৰ্ষাপাৰা আৰু ইডেনত জয়লাভ কৰি ২-০ৰ ব্যৱধানত শৃংখলা দখল কৰে।

আৰু পঢ়কঃ দোষমুক্ত! ৭ বছৰৰ পুৰণি গোচৰত বোকাখাতৰ আদালতৰ ৰায়

bcci ind vs sl eden garden cricket