দোষমুক্ত! ৭ বছৰৰ পুৰণি গোচৰত বোকাখাতৰ আদালতৰ ৰায়

চৰকাৰী পক্ষই ৭ বছৰৰ পূৰ্বে গোচৰ জাপি দিয়া অখিল গগৈ আৰু তেখেতৰ সহযোগীসকলক বুধবাৰে বোকাখাতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে দোষমুক্ত ঘোষণা কৰে
দোষমুক্ত! ৭ বছৰৰ পুৰণি গোচৰত বোকাখাতৰ আদালতৰ ৰায়

ডিজিটেল সংবাদ, বোকাখাত: চৰকাৰী পক্ষই ৭ বছৰৰ পূৰ্বে গোচৰ জাপি দিয়া অখিল গগৈ আৰু তেখেতৰ সহযোগীসকলক বুধবাৰে বোকাখাতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে দোষমুক্ত ঘোষণা কৰে ৷ অভিযুক্ত পক্ষৰ অধিবক্তা মৃত্যুঞ্জয় পেগুৱে 'অসমীয়া প্ৰতিদিন'ক কয় যে কাজিৰঙাৰ বৰবিল অঞ্চলৰ ভূমিৰ অধিকাৰৰ বাবে ২০১৫ চনত অঞ্চলটোৰ বাসিন্দাসকলে চৰকাৰী পক্ষৰ বিৰুদ্ধে এক প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

প্ৰতিবাদীকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল ৷ য’ত বহুজন আঘাতপ্ৰাপ্ত হৈছিল৷ আনহাতে, প্ৰতিবাদী জনতাইহে চৰকাৰী পক্ষক আক্ৰমণ কৰিছিল বুলি অখিল গগৈ আৰুআন ১১ জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৩/১৪৭/৩৫৩/৩৩৬ ধাৰা আৰু পি ডি পি পিৰ অধীনত ৩ নং ধাৰাত জি আৰ ৩২৫/২০১৫ নম্বৰত চৰকাৰী পক্ষই বোকাখাত থানাত এটা গোচৰ ৰুজু কৰিছিল ৷

বিভিন্ন সাক্ষীবাদী বিচাৰ প্ৰক্ৰিয়াত মুঠ ২১ গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ পাছত এই চৰকাৰী পক্ষক আক্ৰমণৰ ঘটনাত অখিল গগৈকে ধৰি আনসকলো জড়িত নথকা বুলি প্ৰমাণিত হোৱাত আজি আদালতে দোষমুক্ত ঘোষণা কৰে ৷ আদালতৰ ৰায়ৰ পাছতেই অখিল গগৈয়ে কয় যে আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে ৷ সেয়ে আজি পুনৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাইজৰ জয় হৈছে৷

আৰু পঢ়ক: দোকানৰ পিছফালে পুতি থোৱা অৱস্থাত উদ্ধাৰ ৩০ টাকৈ গুলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in