/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/996418df-b3ae-46d9-91b7-0b2555f5b96e/4.jpg)
ডিজিটেল ডেস্কঃ T20 বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰি টীম ইণ্ডিয়াৰ নাটকীয় বিজয় সাব্যস্ত। দেওবাৰে নাছাও কাউন্টি আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ৬ৰানৰ ব্যৱধানত বিজয়ী হয়।
উল্লেখ্য যে টছ জয়ী হৈ পাক অধিনায়ক বাবৰ আজমে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। সেই অনুসৰি ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে পুনতে বেট ধৰি নিৰ্ধাৰিত অভাৰত মাত্ৰ ১১৯ ৰানহে কৰিবলৈ সক্ষম হয়। দেওবাৰে নিশা অনুষ্ঠিত হোৱা মেচখনত ভাৰতে পাকিস্তানক ৬ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।
পাকিস্তানৰ বাঁওহতীয়া বলাৰ আফ্ৰীডিৰ কৌশলী বলিং আক্ৰমণত সহজে আত্মসমৰ্পণ কৰে অধিনায়ক ৰোহিতা শৰ্মাই। ৰোহিতে মাত্ৰ ১৩ ৰান কৰিয়েই বিদায় লয়।
আনহাতে বিৰাট কোহলিও সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। কোহলিয়ে মাত্ৰ ৪ৰান কৰি নাশ্বিম শ্বাহৰ বলত কেচ দি পেভিলিয়নমুখী হয়।
অৱশ্যে উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টে ৪২ ৰান কৰি দলৰ স্থিতি মজবুত কৰে। বাকীসকল বেটাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।
পাকিস্তানৰ হৈ হৰিশ ৰৌফ আৰু নাশ্বিম শ্বাহে ৩টাকৈ উইকেট দখল কৰে। ইফালে ভাৰতে বান্ধি দিয়া বিজয় লক্ষ্য অনুসৰণ কৰি পাকিস্তানে ১১৩ৰান কৰি ৬ ৰানৰ ব্যৱধানত পৰাজয় বৰণ কৰে।
পাকিস্তানৰ হৈ অ’পেনাৰ মহম্মদ ৰিজৱানে (৩১) সৰ্বাধিক স্ক’ৰ কৰে। ইমাদ ৱাছিমেও ১৫ ৰান সংগ্ৰহ কৰি দলটোক আগবঢ়াই লৈ যায় যদিও সেয়া পৰ্যাপ্ত নাছিল।
ভাৰতৰ এই বিজয়ৰ মূলতে বুমৰা আৰু অর্শদীপ সিঙৰ নিয়ন্ত্ৰিত বলিং আক্ৰমণ। হার্দিক পাণ্ডিয়াইও দলৰ বিজয়ত অন্যতম বৰঙনি যোগায়। ভাৰতৰ হৈ বুমৰাই তিনিটা, হার্দিক পাণ্ডিয়াই দুটা আৰু অক্ষৰ পেটেল আৰু অর্শদীপ সিঙে এটাকৈ উইকেট দখল কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us