নিউজিলেণ্ডৰ বিৰুদ্ধে ধাৱন,শুভমন আৰু শ্ৰেয়াছৰ অৰ্ধশতক...

বাতৰি লিখা পৰলৈকে ঘৰুৱা দলটোৱে ১টা উইকেটৰ বিনিময়ত ৫২ ৰানত বেটিং কৰি আছে

author-image
Asomiya Pratidin
New Update
নিউজিলেণ্ডৰ বিৰুদ্ধে ধাৱন,শুভমন আৰু শ্ৰেয়াছৰ অৰ্ধশতক...

ধাৱন,শুভমন আৰু শ্ৰেয়াছৰ অৰ্ধশতক

ডিজিটেল ডেস্কঃ আজিৰে পৰা নিউজিলেণ্ডত আৰম্ভ হৈছে ভাৰত-নিউলেণ্ডৰ মাজত এদিনীয়া শৃংখলা। য'ত ভাৰতীয় দলটোক নেতৃত্ব দিছে ভাৰতীয় দলৰ অপেনিং বেটছমেন শিখৰ ধাৱনে।

Advertisment

নিউজিলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচত টছত জয়ী হৈ ঘৰুৱা দলটোৱে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি ভাৰতে প্ৰথমে বেট ধৰে। অধিনায়ক শিখৰ ধাৱন, প্ৰতিভাৱান অপেনিং বেটছমেন শুভমন গীল আৰু দলৰ নিৰ্ভৰযোগ্য বেটছমেন শ্ৰেয়াছ আয়াৰৰ অৰ্ধশতকৰ সহায়ত ভাৰতে নিউজিলেণ্ডক জয়ৰ বাবে ৩০৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।

উল্লেখ্য যে, ভাৰতৰ হৈ ধাৱন ৭২,শুভমন গীল ৫০ আৰু শ্ৰেয়াছ আয়াৰে দলৰ হৈ সৰ্বাধিক ৮০ ৰানৰ দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে। বাতৰি লিখা পৰলৈকে ঘৰুৱা দলটোৱে ১টা উইকেটৰ বিনিময়ত ৫২ ৰানত বেটিং কৰি আছে।

আৰু পঢ়কঃ সংঘত বাবুল বৰাৰ বিৰুদ্ধে জৰুৰী বৈঠক: ক'ত, কিয়...

bcci ind vs aus cricket