সংঘত বাবুল বৰাৰ বিৰুদ্ধে জৰুৰী বৈঠক: ক'ত, কিয়...

সংঘত বাবুল বৰাৰ বিৰুদ্ধে জৰুৰী বৈঠক: ক'ত, কিয়...

মৃদুল কুমাৰ সন্দিকৈ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰচ'ৰাত সংঘটিত কিছু কথা পৰিস্থিতিগত তাগিদাত উত্থাপন কৰা হৈছিল। তাৰপাছত এই বিষয়টোক লৈ অতি সতৰ্কতাৰে অনুষ্ঠানটোৰ ভাবমূৰ্তি যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিও আন কিছু বিষয়ো পৰ্যায়ক্ৰমে তুলি ধৰোঁতে তাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এই আধ্যাত্মিক অনুষ্ঠানটোৰ ভিতৰচৰাত শেহতীয়াকৈ এনে কিছু ঘটনা সংঘটিত হ'বলৈ ধৰিছে অনুষ্ঠানটোৰ সৈতে জড়িত বহু ভকত -বৈষ্ণৱ তথা ভক্তপ্ৰাণ ৰাইজ হতাশ হৈ পৰিছে। ইয়াৰ কাৰণ কেইজনমান নিৰ্দিষ্ট লোকৰ প্ৰভাৱ আৰু ক্ষমতাৰ দখলৰ কৌশলপূৰ্ণ স্থিতি।

কথাবোৰ ইমানলৈকে আগবাঢ়িছে যে বিতৰ্কৰ অন্ত পৰাৰ সলনি নতুন নতুন বিতৰ্ক আৰু বিষয়ে অনুষ্ঠানটোত নেতৃত্ব দিয়া এচামক চুই গৈছে। তাৰ বাবে আনকি সেই চাম চালাকি লোকৰ বিৰুদ্ধে কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাৱ্যস্ত কৰা হ'ব বুলিও আলোচনা চলিছিল।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ ঘৰলৈ এখন জিলাৰ এটা প্ৰতিনিধি দল গৈ সংঘৰ প্ৰধান সম্পাদক জনৰ ভূমিকাক লৈ প্ৰশ্ন কৰাৰ সিদ্ধান্ত লোৱা হ'ল আনুষ্ঠানিকভাৱে। ২৩ নৱেম্বৰ ২০২২ত সেই প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল শিৱসাগৰত ।

জিলাখনত আছে ১২ খন আঞ্চলিক,১৫০ খন প্ৰাথমিক শাখা। ইয়াৰে অৱশ্যে ১৪২ খনহে সক্ৰিয় হৈ আছে। সেই আঞ্চলিক সমূহৰ একাংশ বিষয় ববীয়াই আহ্বান কৰিছিল এখন জৰুৰী প্ৰতিনিধি সভা।

এই প্ৰতিনিধি সভাত শিৱসাগৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি, সম্পাদক উপস্থিত নাছিল যদিও প্ৰধান সম্পাদকৰ শেহতীয়া সিদ্ধান্তক প্ৰত্যাহ্বান জনাবলৈকে এক জৰুৰী সিদ্ধান্ত প্ৰতিনিধি সকলে গ্ৰহণ কৰিছিল।

সেই প্ৰস্তাৱ অনুসৰি এটা সঁজাতি দলে পদাধিকাৰ কমলাকান্ত গগৈৰ ঘৰলৈ গৈ ১৯ নৱেম্বৰ ২০২২ত জোনাই কাৰ্যনিৰ্বাহকত শিৱসাগৰৰ ৬৫ খন প্ৰাথমিকক পুনৰ সংঘলৈ আদৰি অনা সিদ্ধান্তৰ বিৰোধিতা কৰা হৈছে।

উল্লেখ্য যে, ২০১৬ চনত অনুষ্ঠিত হৈছিল শিৱসাগৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাদেশিক। এই প্ৰাদেশিকত ৰাহি হোৱা ধনক লৈ মূল আৰু আদৰণি সমিতিৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।

উক্ত অধিৱেশনৰ আদৰণি সমিতিৰ সম্পাদক আছিল আনন্দ বৰা। প্ৰায় ৪১ লাখ মান টকা ৰাহি হৈছিল এই অধিবেশনত। কিন্তু জিলাখনৰ আন এক প্ৰকল্পৰ বাবে ৰাহিৰ কিছু ধন ৰখাই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকক ৰাহি হোৱা ধনৰ পৰিমাণ কমকৈ দেখুওৱাত ৩ বাৰকৈ হিচাপ পৰীক্ষা কৰিছিল প্ৰধান সম্পাদকে।

তেনে এক খাম খেয়ালিৰ মাজতেই প্ৰাক্তন পদাধিকাৰ তথা শিৱসাগৰ প্ৰাদেশিকৰ আদৰণি সমিতিৰ সভাপতি ৰজনীকান্ত দত্তৰ পৰা সকলো বিষয় বাব কাঢ়ি লোৱা হৈছিল। আৰ্থিক অনিয়মৰ অভিযোগত আনন্দ বৰাক সংঘৰ পৰা আঁতৰাই ৰখা হৈছিল।

এনে প্ৰেক্ষাপটতেই জিলাখনৰ প্ৰায় ৬৫ খন প্ৰাথমিক সংঘৰ পৰা নিলগাই ৰখোৱাত সেই প্ৰাথমিক কেইখনে নিজাকৈ সংঘৰ নীতি নিয়ম মতে চলি আছিল। প্ৰাথমিক কেইখনে সংঘৰ কৰ্মকৰ্তাক তেওঁলোকৰ ধাৰাবাহিকতাৰ ৰক্ষা কৰি পুনৰ সংঘলৈ আদৰিবৰ বাবে আবেদন নিবেদন কৰিছিল যদিও সংঘৰ প্ৰধান সম্পাদক গৰাকীয়ে শিৱসাগৰ জিলাক সেই সকল সংগীৰ নবীকৰন পুনৰ নকৰিবলৈ লিখিত নিৰ্দেশ দিছিল।

আহোম সকলৰ চকলং বিবাহক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নতুন বিতৰ্কৰ পাছত নিজে পতা জালত নিজেই বন্দী হৈ পৰে প্ৰধান সম্পাদক বাবুল বৰা। সংবিধান অৱমাননা কৰি সিদ্ধান্ত গ্ৰহণ কৰাত এতিয়া নাৰাজ শিৱসাগৰৰ বহু সংগী।

শিৱসাগৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একাংশ প্ৰতিনিধি আৰু বিষয় ববীয়াৰ প্ৰশ্ন তুলিছে ইয়াক লৈ। যদি বিষয়টো এনেদৰেই নিষ্পত্তি কৰিব পাৰি তেনেহলে ইমান দিনে এই ৬৫ খন প্ৰাথমিকৰ সংগী সকলৰ নবীকৰণ গ্ৰহণ নকৰিবলৈ কিয় নিৰ্দেশ দিয়া হৈছিল বুলি বাবুল বৰালৈ প্ৰত্যক্ষ প্ৰশ্ন তেওঁলোকৰ।

এই সকল সংগীৰ মাজতে এতিয়া সংঘাতে দেখা দিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান অনুসৰি এবাৰ নবীকৰণ নকৰিলে পৰৱৰ্তী সময়ত তেওঁলোকক নতুন সংগী বুলি গ্ৰহণ কৰা হয়।

চতুৰ বাবুল বৰাই মূলত তেওঁৰ নিজৰ আৰু বিশস্ত মানুহৰ দ্বাৰাই এনে বহু অসংবিধানিক সিদ্ধান্তক গাৰ জোৰেৰে বিচৰা অনুসৰি গ্ৰহণ কৰি লয় বুলিও সংঘৰে একাংশই অভিযোগ তুলিছে।

উল্লেখযোগ্য যে এই সকল সংগীক আঁতৰাই ৰাখিবলৈ ২০১৯ চনতো বোকাখাতৰ বৰদিহিঙীয়া নামঘৰত অনুষ্ঠিত বৈঠকত বাবুল বৰাৰ উপস্থিতিতেই সিদ্ধান্ত লোৱা হৈছিল।

ডিব্ৰুগড়ৰ শেহতীয়া অধিবেশনতো প্ৰতিনিধি সভাত শিৱসাগৰৰ প্ৰতিনিধিয়ে বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। তেতিয়াও এই বিষয়টো এৰাই চলিছিল বাবুল বৰাই। সিদ্ধান্তবোৰ বাবুল বৰাই বিচৰা ধৰণেই কিয় লৈ অহা হৈছে বুলি শিৱসাগৰ জিলাৰ বিষয় ববীয়াৰ মাজতেই মত বিৰোধ হৈছে।

দেওবাৰ ২৭ নৱেম্বৰ ২০২২ ত শিৱসাগৰ জিলা নামঘৰত এক সংস্কাৰ কাৰ্যসূচীৰে আঁতৰি থকা শিৱসাগৰৰ ৬৫ খন প্ৰাথমিকক সংঘলৈ আদৰি নিবৰ বাবে প্ৰস্তুতি চলোৱাৰ মাজতেই জিলাখনত আন বিষয় ববীয়াৰ মাজত এই ক্ষোভৰ সৃষ্টি হৈছে।

বাবুল বৰাৰ মতে কাম কৰি এতিয়া বাবুল বৰাই জিলা কমিটিক কোনো ভু নিদি এনে সিদ্ধান্ত লব বিচৰাৰ বিৰুদ্ধে পদাধিকাৰক অভিযোগ দিয়াৰ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰয়োজনত বাবুল বৰাই প্ৰত্যক্ষভাৱে এইবোৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব বুলিও হুংকৰা দিছে জিলাখনৰ একাংশ সংগীয়ে।

শ্ৰীমন্ত শংকৰদেৱ সংঘত সদস্যপদ নবীকৰনৰ নামত চলে এক পক্ষৰ ইচ্ছা অনিচ্ছা। এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে অভিযোগ মতে পংকজ কুমাৰ দত্ত নামৰ এসময়ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক গৰাকীও এই চক্ৰান্তৰ বলি হৈছিল।

গুৰুজনাই এক কৰা সমাজখনক এতিয়া এচামে বিভিন্ন পন্থাৰে ভাগ ভাগ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ অভিযানত নামি পৰিছে। সংস্কাৰমূলক কোনো কথা বতৰাক লৈ গুৰুত্ব নিদি যি বিচাৰে তাকে কৰি গৈছে এই চামে।

এনে অভিযোগ আৰু ক্ষোভৰ পাছত এইবাৰ কমলাকান্ত গগৈয়ে বাবুল বৰাৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হৈ পৰিছে। চৰাইদেউ আই মাতৃ সমাৰোহৰ সময়ত আহোম জনগোষ্ঠীক ক্ষমা বিচৰাৰ বাবে পদাধিকাৰ গৰাকীক যথেষ্ঠ অপমান কৰা হৈছিল বাবুল বৰাৰ পৃষ্ঠপোষকতাতেই।

সংবাদ মাধ্যম তথা আহোম জনগোষ্ঠীৰ আন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী সকলৰ ৰোষত পৰাৰ ভয়ত সেই সিদ্ধান্ত কাৰ্যকাৰী কৰিব নোৱাৰিছিল বাবুল বৰা বাহিনীয়ে। তাৰ পাছত এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ সংবিধানৰ মতে চলে বুলি দম্ভালি মৰা বাবুল বৰাই নিজেই সংবিধান অবমাননা কৰাৰ অভিযোগ উঠিছে সংঘৰ মজিয়াতেই।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আভ্যান্তৰীন নীতি নিয়ম থাকে। বাবুল বৰাৰ দৃষ্টি ভংগীৰে সংঘৰ নচলিব বুলিও হুংকাৰ দিছে সংঘৰ একান্ত একাংশ ভক্তই। সংঘই নিজস্ব ধৰণে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছিল। সেয়ে শিৱসাগৰত এতিয়া প্ৰশ্ন উঠিছে এই সিদ্ধান্ত এতিয়া বাবুল বৰাই কেনেকৈ ল'লে।

সংঘলৈ তেওঁলোকক পুনৰ আদৰিবলৈ সংবিধান অনুসৰি প্ৰাথমিকত আবেদন কৰিব লাগিব, প্ৰাথমিকে সেই আবেদন গ্ৰহণ কৰি আঞ্চলিকলৈ পঠাব লাগিব, আঞ্চলিকে জিলাৰ জৰিয়তে মূললৈ পঠোৱাৰ পাছত এক সিদ্ধান্ত হ'ব।

সংঘলৈ প্ৰায় ৫৮১ ঘৰ সংগীক আদৰি অনাতো ভাল কথা। শিৱসাগৰ জিলা শংকৰদেল সংঘৰ একাংশ বিষয় ববীয়াৰ প্ৰশ্ন- সেই সাংবাধানিক পাৰিকাঠমোক কেনেকৈ বাবুল বৰাই ভংগ কৰিলে।

আৰু পঢ়ক: সংঘত ভকতৰেই জয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in