ভাৰত-বাংলাদেশ টেষ্টঃ জয়ৰ দিশে ভাৰতীয় ক্ৰিকেট দল

ৰোমাঞ্চকৰ হৈ উঠিছে ভাৰত-বাংলাদেশৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট মেচ। কিছুদিন পূৰ্বে বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আৰু টেষ্ট শৃংখলা

author-image
Asomiya Pratidin
New Update
ভাৰত-বাংলাদেশ টেষ্টঃ জয়ৰ দিশে ভাৰতীয় ক্ৰিকেট দল

জয়ৰ দিশে ভাৰতীয় ক্ৰিকেট দল

ডিজিটেল ডেস্কঃ ৰোমাঞ্চকৰ হৈ উঠিছে ভাৰত-বাংলাদেশৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট মেচ। কিছুদিন পূৰ্বে বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আৰু টেষ্ট শৃংখলা খেলাৰ উদ্দেশ্যে চুবুৰীয়া দেশখনত উপস্থিত হৈছে ভাৰতীয় দল। ভাৰতে এদিনীয়া শৃংখলা হেৰুৱালেও টেষ্ট শৃংখলাত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাইছে।

Advertisment

ঘৰুৱা দলটোৰ বিপক্ষে ভাৰতে প্ৰথমখন টেষ্টত জয়লাভ কৰাৰ পাছত আৰম্ভ হৈছে শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচ। দ্বিতীয়খন মেচতো জয়ৰ দিশে অগ্ৰসৰ হৈছে কে এল ৰাহুল নেতৃত্বাধীন ভাৰতীয় দল। মেচখনত টছত জয়ী হৈ ঘৰুৱা দলটোৱে প্ৰথমে বেট ধৰি প্ৰথম ইনিংছত ২২৭ ৰান সংগ্ৰহ কৰে।

প্ৰথম ইনিংছত বাংলাদেশৰ মমিনুল হকে ৮৪ ৰান কৰে। আনহাতে ভাৰতীয় পেচাৰ উমেশ যাদৱ আৰু স্পিনাৰ অশ্বিনে ৪টাকৈ উইকেট দখল কৰে। তাৰ পাছতে ভাৰতে প্ৰথম ইনিংছত বেট ধৰি উইকেট কীপাৰ বেটছমেন ঋষভ পণ্ট আৰু প্ৰতিভাৱান বেটছমেন শ্ৰেয়াছ আয়াৰৰ দৰ্শনীয় অৰ্ধশতকৰ সহায়ত ৩১৪ ৰান সংগ্ৰহ কৰে।

মেচৰ তৃতীয় দিনা বাংলাদেশে দ্বিতীয় ইনিংছ আৰম্ভ কৰে। দ্বিতীয় ইনিংছত ঘৰুৱা দলটোৱে ভোজন বিৰতিৰ সময়লৈকে ৪টা উইকেট হেৰুৱাই ৭২ ৰানত বেটিং কৰি আছে।

আৰু পঢ়কঃ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট প্ৰতিযোগিতা

india bangladesh cricket