আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট প্ৰতিযোগিতা

শনিবাৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ ভোগপুৰ চাৰিআলিস্থিত শংকৰজ্যোতি মিলন সংঘত আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ অন্তৰ্গত স্বৰ্ণপীঠ মণ্ডলৰ নাট প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট প্ৰতিযোগিতা

ডিজিটেল সংবাদ, লখিমপুৰ: শনিবাৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ ভোগপুৰ চাৰিআলিস্থিত শংকৰজ্যোতি মিলন সংঘত আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ অন্তৰ্গত স্বৰ্ণপীঠ মণ্ডলৰ নাট প্ৰতিযোগিতা।পুৱা দহ বজাত মুঠ ৬১ খন পতাকা উত্তোলন কাৰ্যসূচীত মুখ্য উত্তোলক হিচাপে স্বৰ্ণপীঠ মণ্ডলৰ সভাপতি হিৰণ্য হাজৰিকাই।

Advertisment

সমবেত সংগীত পৰিৱেশন কৰে স্থানীয় মহিলা শিল্পী সকলে।স্মৃতি তৰ্পন কৰে স্বৰ্ণপীঠ মণ্ডলৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট নাট্যকাৰ পৰিচালক হৰেন শ ইকীয়াই।ইয়াৰ পিছত ক্ৰমে ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

১২.৩০ বজাত শিশু নাটক অন্য এক আন্দোলন প্ৰদৰ্শিত হব।সন্ধিয়া নাট প্ৰতিযোগিতা উদ্ধোধন কৰিব প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকাই।আজি নিশা লালুকৰ নাট্য দলে মালবিকা মল্লিকা মধুচন্দিকা তেজপুৰৰ দলে মৰুদ্যানত গধুলি ঢকুৱাখনা দলে বুদ্ধু বিশ্বনাথৰ দলে অস্তৰাগ পূৱ ডিক্ৰং দলে কমলা কুঁৱৰী পৰিবেশন কৰিব।আয়োজক সমিতিয়ে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

আৰু পঢ়ক: মন্দিৰত জ্বলোৱা বন্তিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত, ভস্মীভূত সকলো...

assam lakhimpur