জামুগুৰিহাটত সুশাসন আৰু দৰিদ্ৰৰ কল্যাণৰ ৮ টা বৰ্ষৰ অনুষ্ঠানৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

বিধায়ক পদ্ম হাজৰিকাই পৰিবেশন কৰা কবিতাৰ ধ্বনিৰে সকলোকে মুগ্ধ কৰে

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত সুশাসন আৰু দৰিদ্ৰৰ কল্যাণৰ ৮ টা বৰ্ষৰ অনুষ্ঠানৰ শুভ উদ্বোধন  বিধায়ক পদ্ম হাজৰিকাৰ

৮ টা বৰ্ষৰ অনুষ্ঠানৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত সুশাসন আৰু দৰিদ্ৰৰ কল্যাণৰ অনুষ্ঠানৰ শুভাৰম্ভ। চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ বালিজুৰি ৰংগমঞ্চত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত চেণ্ট্ৰেল ব্যুৰ' অৱ কমিউনিকেশ্যন, গুৱাহাটী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ভাৰত চৰকাৰৰ অধীনত আয়োজন কৰা "স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু সেৱা, সুশাসন আৰু দৰিদ্ৰৰ কল্যাণৰ ৮ টা বৰ্ষ"ৰ অনুষ্ঠানভাগ শুভ উদ্ধোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।

Advertisment

বন্তি প্ৰজ্বলনৰে অনুষ্ঠান শুভ উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে বহু পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা বৰ্তমানৰ নৱ প্ৰজন্মৰ বাবে দেশৰ স্বাধীনতা সংগ্ৰামত যিসকল ব্যক্তিৰ কষ্ট আৰু ত্যাগ আছে তেওঁলোকৰ জীৱন সম্পৰ্কত সম্যক ধাৰণা দিবৰ বাবে ইয়াত এক পৰিৱেশ সৃষ্টি কৰিছে ৷

ইয়াৰ উপৰিও বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ বাবে দেশৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে কাম কৰাৰ বাবে সাহস আৰু প্ৰেৰণা লাভ কৰিব বুলিও তেওঁ আশাবাদী । উক্ত কাৰ্য্যসূচীভাগত বিধায়ক হাজৰিকাই পৰিবেশন কৰা কবিতাৰ ধ্বনিৰে সকলোকে মুগ্ধ কৰে ৷

বাৰেৰহণীয়া সাংস্কৃতিক নৃত্য-গীত অনুষ্ঠান প্ৰদৰ্শনৰ লগতে স্বাধীনতা সংগ্ৰামীসকলে দেশৰ স্বাধীনতা সংগ্ৰামৰ বাবে কৰা ত্যাগ আৰু কষ্টক ছাত্ৰ ছাত্ৰী সকলৰ মাজত শৈক্ষিক দিশত প্ৰতিফলিত কৰিবৰ বাবে এক প্ৰদৰ্শনীৰো আয়োজন কৰা হয় । অনুষ্ঠানটিত অংশগ্ৰহণ কৰে নদুৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তিয়ে ৷

আৰু পঢ়কঃ উত্তপ্ত NRLৰ মুখ্য প্ৰবেশদ্বাৰ: কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...

jamugurihat padma hazarika