উত্তপ্ত NRLৰ মুখ্য প্ৰবেশদ্বাৰ: কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...

উত্তপ্ত NRLৰ মুখ্য প্ৰবেশদ্বাৰ: কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
উত্তপ্ত NRLৰ  মুখ্য প্ৰবেশদ্বাৰ: কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...

উত্তপ্ত NRLৰ মুখ্য প্ৰবেশদ্বাৰ: কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ নুমলীগড়: নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰবেশদ্বাৰ অবৰোধ কৰি তীব্ৰ প্ৰতিবাদ। মূখ্যদ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শোধনাগাৰত এপ্ৰেন্টিশ্বিপ খটা নিবনুৱা যুৱকসকলে।

Advertisment

দ্বিতীয় বৰ্ষত শিক্ষনবিচ হিচাপে খটা এই যুৱকসকলে স্থায়ী নিযুক্তিৰ দাবীত মুখ্যদ্বাৰ অৱৰোধ কৰি হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ ফলত মুখ্যদ্বাৰত সৃষ্টি হয় যানযটৰ লগতে উত্তেজনা ।

আনহাতে এই প্ৰতিবাদৰ বাবে তীব্ৰ ভীৰ হৈ পৰে শোধনাগাৰৰ মুখ্যদ্বাৰৰ লগতে শোধনাগাৰৰ সন্মুখেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ । শীঘ্ৰেই এইসকল শিক্ষা নবিছক স্থায়ী নিযুক্তি নিদিলে শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ৷

ক্লিক কৰি পঢ়কঃ কাশ্মীৰ ফাইলছেই নহয় এক ডজন ভাৰতীয় ছবিলৈ অস্কাৰ !

Numaligarh Refinery Limited nrl