চিৰাঙত বড়োলেণ্ড সামূহিক পৰামৰ্শদাতা কেন্দ্ৰ উদ্বোধন

উদ্বোধন কৰিলে বি টি চিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যবাহী সদস্য গৌতম দাসে
চিৰাঙত বড়োলেণ্ড সামূহিক পৰামৰ্শদাতা কেন্দ্ৰ উদ্বোধন
চিৰাঙত বড়োলেণ্ড সামূহিক পৰামৰ্শদাতা কেন্দ্ৰ উদ্বোধন

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙত বড়োলেণ্ড সামূহিক পৰামৰ্শদাতা কেন্দ্ৰ উদ্বোধন। বড়োলেণ্ড প্ৰাদেশিক এলেকাৰ গৃহস্থ হিংসাৰ বলি পৰিয়ালৰ সদস্য, যৌন নিৰ্যাতনৰ চিকাৰ হোৱা শিশু তথা কিশোৰ-কিশোৰী, বাল্য বিবাহ, হত্যা আদি কৰি বিভিন্ন সামাজিক সমস্যাৰে জৰ্জৰিত ভুক্তভোগীসকলৰ সহায়ক হ'ব পৰাকৈ বি টি চি প্ৰশাসনৰ উদ্যোগত সমাজ কল্যাণ বিভাগৰ জৰিয়তে বি টি চি এলেকাত "শান্তি আৰু সুস্থতাৰ দিশত" শীৰ্ষক বাৰ্তা লৈ বড়োলেণ্ড সামূহিক পৰামৰ্শ কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

বুধবাৰে বি টি চিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যবাহী সদস্য গৌতম দাস আৰু চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে চিৰাং জিলাৰ কাশিকোত্ৰাত নতুনকৈ স্থাপন কৰা বড়োলেণ্ড সামূহিক পৰামৰ্শদাতা কেন্দ্ৰৰ আনুষ্ঠানিক উদ্বোধন কৰে ।

বড়োলেণ্ড সামূহিক পৰামৰ্শদাতা কেন্দ্ৰটো উদ্বোধন কৰি বি টি চিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যবাহী সদস্য গৌতম দাসে কয় যে বি টি আৰ এলেকাৰ অতিকৈ দুৰ্গম, শৈক্ষিক দিশত ,অৰ্থনৈতিক দিশত পিছ পৰা অঞ্চলত এতিয়াও বাল্য বিবাহ, শিশু সৰবৰাহ, নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন, ডাইনী হত্যাৰ দৰে বিভিন্ন সামাজিক সমস্যা চলি আছে । যেতিয়াই লৈকে এইবোৰ সামাজিক সমস্যা আমাৰ সমাজৰ পৰা আঁতৰাই পঠাব নোৱাৰিম তেতিয়া লৈকে আমি এটা সুস্থ বিটিআৰ তথা সকলোৰে কল্যাণকামী বিটিআৰ গঢ়ি তুলি নোৱাৰিম ।

যাৰ কাৰণে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ এলেকাত পাঁচখন ঠাইত এই বড়োলেণ্ড সামূহিক পৰামৰ্শদাতা কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেইমৰ্মে আজি কোকৰাঝাৰ চহৰত অনুৰূপ অনুষ্ঠান মুকলি কৰা হৈছে আৰু চিৰাং জিলাৰ কাশিকোত্ৰাত এটা উদ্বোধন কৰা হ'ল ।

এই পৰামৰ্শদাতা কেন্দ্ৰত অসমৰ বাহিৰত প্ৰশিক্ষণ লৈ অহা উচ্চ শিক্ষিত যুৱক-যুৱতী সকলক নিযুক্তি দিয়া হৈছে । তেওঁলোকে বিভিন্ন পদ্ধতি প্ৰয়োগ কৰি সাম্ভাৱ্য এলেকা সমূহ চিনাক্ত কৰি বাল্যবিবাহ, শিশু সৰবৰাহ, ডাইনী হত্যাৰ দৰে সামাজিক সমস্যাৰ আছে সেই অঞ্চলত গৈ তথ্য সংগ্ৰহ কৰি সেই অঞ্চলৰ ভুক্তভোগী সকলক মাতি আনি মনস্তাত্ত্বিক নিৰাময় সেৱা আগবঢ়োৱা হব বুলি জানিবলৈ দিয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in