বৰ্ষাপাৰাত এজন তাৰকাৰ সৈতে ৫ মিনিট

বৰ্ষাপাৰাত এজন তাৰকাৰ সৈতে ৫ মিনিট
বৰ্ষাপাৰাত এজন তাৰকাৰ সৈতে ৫ মিনিট

মৃদুল কুমাৰ সন্দিকৈ

ক্ৰিকেট তেঁও নেখেলে, কিন্তু ক্ৰিকেটৰ কাৰণে তেওঁ পাগল । আন ভাৰতীয় ক্ৰিকেট তাৰকাৰ দৰেই তেওঁ জনপ্ৰিয় । য'তেই ক্ৰিকেট তাতেই তেওঁ । ভাৰতীয় দলৰ বেটিং শেষ হোৱাৰ পাছত বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামৰ মূল গেটেৰে ওলাই আহোতে হঠাৎ এজন লোকৰ পাছে পাছে বহু লোকৰ ভিৰ দেখা পোৱা গ'ল ।

গাত জাতীয় পতাকা অংকন কৰা সেই যুৱকজনৰ পিঠিত লিখা আছে- মিছ ইউ শচীন । চাপি গ'লো তেওঁৰ ওচৰলৈ, সেউজীয়া দলিছা পৰা পথটোৰে তেওঁ ষ্টেডিয়ামৰ ভিতৰলৈ সোমাবলৈ আহি আছিল আৰু আমি ষ্টেডিয়ামৰ ভিতৰৰ পৰা বাহিৰৰ অভিমুখে গৈ আছিলো ।

মানুহবোৰে তেওঁৰ সৈতে চেলফি উঠিছে, তেওঁক ৰখাই কেইটামান কথা পতাৰ সেই সময়খিনি সঁচাই অনন্য আছিল । বিহাৰৰ এইজন প্ৰায় ৪০ বছৰীয়া যুৱকৰ সৈতে কথা পাতি বুজি উঠিছিলো তেওঁ যে ক্ৰিকেটৰ বাবে সকলো ত্যাগ কৰিব পাৰে ।

ক্ৰিকেটক কিমান ভাল পালে ক্ৰিকেটৰ প্ৰতি ইমান আন্তৰিকতা থাকিব পাৰে সেই উপলব্ধি হ'ল । কোনোবা তাৰকা ক্ৰিকেটাৰক লগ পোৱাৰ সুখানুভূতিতকৈ এই অভিজ্ঞতা কম নাছিল । প্ৰায় ৫ মিনিট সময় আমি কথা পাতিছিলো ।

তেওঁৰো অগণন গুণমুগ্ধ । বিহাৰৰ মুজাফাৰপুৰত তেওঁৰ ঘৰ । ৬ বছৰৰ পৰাই হেনো তেওঁ ক্ৰিকেট চাইছিল । ১৯৮১ চনৰ ২০ ফেব্ৰুৱাৰীত এটা দৰিদ্ৰ পৰিয়ালত জন্ম হোৱা তেওঁৰ নাম সুধীৰ কুমাৰ চৌধুৰী ।

এতিয়া তেওঁক বহুতে সুধীৰ গৌতম বুলিহে জানে । শচীন তেণ্ডুলকাৰৰ বাবে তেওঁ পাগল । আগতে তেওঁ শচীন তেণ্ডুলকাৰৰ সমৰ্থক আছিল যদিও ক্ৰিকেটৰ পৰা তেণ্ডুলকাৰে অৱসৰ লোৱাৰ পাছত তেওঁ লিখি লয় - মিছ ইউ তেণ্ডুলকাৰ বুলি । গুৱাহাটীলৈ আহি কেনেকুৱা লাগিছে সোধাত তেওঁ ক'লে খুব ভাল অনুভৱ গুৱাহাটীত ।

২০০২ চনৰ কথা । ভাৰতৰ মেছ আছিল ইংলেণ্ডৰ বিৰুদ্ধে । সেই মেছতে প্ৰথম তেণ্ডুলকাৰৰ দৃষ্টি আকৰ্শন কৰিছিল সুধীৰে । ভাৰতৰ অৱস্থা সেই মেছখনত বৰ ভাল নাছিল ।

দৌৰি গৈ খেলপথাৰত সোমাই তেওঁ হেনো তেণ্ডুলকাৰৰ ৰ ভৰি চুই সেৱা কৰিছিল । আৰক্ষীয়ে অটক কৰিছিল সুধীৰক । শচীন তেণ্ডুলকাৰে পুলিচক তেওঁক এৰি দিবলৈ কোৱাত সেইবাৰ ৰক্ষা পৰিছিল ।

২০০৩ চনৰ কথা। ভাৰত, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত ত্ৰিপাক্ষিক শৃংখলা । মুম্বাইত খেল চাবলৈ ১৭০০ কিলোমিটাৰ চাইকেল চলাই মুজাফাৰপুৰৰ পৰা গৈছিল এই ভাৰতীয় দলৰ আৰু শচীনৰ সমৰ্থক গৰাকী ।

হায়দৰাবাদ এই চিৰিজৰ এখন খেল হৈছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে । শচীন তেণ্ডুলকাৰে চেঞ্চুৰী কৰিছিল সেইখন খেলত। সুধীৰ চৌধুৰীয়ে দৌৰি গৈ চেঞ্চুৰী কৰাৰ পাছত খেলপথাৰৰ মাজলৈ সোমাই একেবাৰে পিটচৰ সমীপত গৈ তেণ্ডুলকাৰক অভিবাদন জনাইছিল ।

দৌৰি দৌৰি পুলিছে তেওঁক আটক কৰি লৈ অহা সময়ত সুধীৰে কৈছিল ভাৰতে বেয়া খেলিলে যদি মই খেল পথাৰলৈ যাব পাৰো, তেণ্ডুলকাৰে চেঞ্চুৰী মাৰিলে কিয় যাব নোৱাৰিম ? সেইবাৰো শচীনেই বচাইছিল তেওঁক ।

আৰক্ষীক অনুৰোধ কৰিছিল সুধীৰক একো নকৰিবলৈ । ক্ৰিকেট খেল চাবলৈ তাৰ পাছত তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গৈছিল । হাতত কেতিয়াবা টকাও নাথাকে, বিনা টিকেটত ট্ৰেইনত উঠি দিয়ে ।

শচীন তেণ্ডুলকাৰ তেওঁৰ বাবে ভগৱান । প্ৰতি বছৰে এবাৰ বিহাৰৰ জনপ্ৰিয় লিছু লৈ শচীনৰ ঘৰলৈ যায় দিবলৈ । ৩ টা চাকৰি এৰিছে ক্ৰিকেটৰ বাবে । বিয়া পতা নাই ক্ৰিকেটৰ বাবে ।

এওঁ যেনেকৈ শচীনৰ ফেন, শচীনেও তেওঁক ভাল পায় । ক্ৰিকেট মেছ চাবলৈ সকলো ব্যৱস্থা কৰি দিছিল । ২০০৪ত তেওঁৰ পাছপ'ৰ্টখন হ'ল । এবাৰ তেওঁ পাকিস্তানত ভাৰত-পাকিস্তানৰ খেল চাবলৈও গৈছিল ।

সেইবাৰ লাহোৰত পাক ক্ৰিকেট দলৰ অন্যতম সমৰ্থক চাচাৰ সৈতে থাকিছিল । এনে বহু অভিজ্ঞতাৰ কথা তেওঁ কৈছিল কম সময়ৰ ভিতৰেত। ক্ৰিকেটৰ আগ দিনা তেওঁ নুশুৱে ।

গাত ভাৰতৰ জাতীয় পতাকা আৰু আন ৰং সানি ৰাতিটো উজাগৰে থাকে । ইয়াৰ কাৰণে তেওঁ এবাৰ নিউজিলেণ্ডৰ ওকলেণ্ড বিমান বন্দৰত ৬৫ হাজাৰ টকা জৰিমনা ভৰিব লগা হৈছে । ৰঙ সানি বিমানত উঠাৰ বাবে জৰিমনা বিহিছিল তেওঁক ।

ওকলেণ্ডত ভাৰত জিম্বাৱেৰ মেচ আছিল সেইবাৰ । শচীনৰ হৃদয়তো তেওঁৰ স্থান আছিল । এনে সমৰ্থকৰ কথা কল্পনাই কৰা নাছিল শচীনে । ২০১১ চনত ভাৰতীয় দলে বিশ্বকাপ জিকোতে শচীনে তেওঁক ড্ৰেছিং ৰুমলৈ মাতি আনিছিল ।

ভাৰতীয় ক্ৰিকেটাৰ সকলৰ সৈতে একলগে সেই আনন্দ উপভোগ কৰিবলৈ দি বিশ্বকাপৰ ট্ৰ'ফীটো এবাৰ দাঙি চাবলৈ দিছিল । এতিয়া তেওঁ সকলোৰে পৰিচিত । ২০০৯ চনত কাণপুৰত তেওঁক অতি বেয়াকৈ আৰক্ষীয়ে প্ৰহাৰ কৰিছিল ।

ভাৰতীয় দলৰ খেল আছিল কাণপুৰত । অনুশীলন কৰি আছিল শচীন তেণ্ডুলকাৰে । ফেন্সিং পাৰ হৈ শচীনক কৰমৰ্দন কৰিব লওতেই এজন আৰক্ষী বিষয়াই বেয়াকৈ পিটিছিল । এইবোৰ কামৰ বাবেই তেওঁ কেইবা দিনো জেলত থাকিব লগীয়া হৈছিল ।

শচীনে তেওঁক বুজাইছিল এইবোৰ নকৰিবলৈ । ক্ৰিকেটৰ প্ৰতি থকা আৱেগ আৰু ভালপোৱাই তেওঁক টানি নিয়ে ভাৰতীয় ক্ৰিকেট দলৰ মেচ বোৰলৈ । এতিয়া তেওঁ এখনো মেছ বাদ নিদিয়ে ভাৰতীয় দলৰ ।

শচীনৰ পাচত বি চি চি আইয়ে তেওঁক সহায় কৰে খেল উপভোগ কৰাত । তেওঁৰ লগত পাতিব লগা আৰু বহু কথা আছিল, তেওঁৰ হাতত সময় নাই । হাতত থকা জাতীয় পতাকাখন লৰাই লৰাই তেওঁ সোমাই গ'ল ষ্টেডিয়ামৰ ভিতৰলৈ ।

ক্ৰিকেটৰ প্ৰতি এই প্ৰেম, দেশৰ প্ৰতি এই ভালপোৱা সঁচাই চুই যাব সকলোকে । ৰোহিত, কোহলি, পাণ্ডিয়া আদি ভাৰতীয় ক্ৰিকেট তাৰকাৰ দৰে এতিয়া সেয়ে তেওঁ জনপ্ৰিয় আৰু পৰিচিত সকলোৰে মাজত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in