মায়ঙত কৰ্কট ৰোগৰ উপশম কেন্দ্ৰৰ শুভ উদ্বোধন...

মায়ঙত কৰ্কট ৰোগৰ উপশম কেন্দ্ৰৰ শুভ উদ্বোধন...

author-image
Asomiya Pratidin
New Update
মায়ঙত কৰ্কট ৰোগৰ উপশম কেন্দ্ৰৰ শুভ উদ্বোধন...

মায়ঙত কৰ্কট ৰোগৰ উপশম কেন্দ্ৰৰ শুভ উদ্বোধন...

ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ ঐতিহাসিক মায়ঙত আজি  বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধীনত কৰ্কট ৰোগৰ এটা আদৰ্শ উপশম কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ সভা গৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰ টোৰ শুভ উদ্বোধন কৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাক্তৰ অমল চন্দ্ৰ কটকীয়ে।

Advertisment

অনুষ্ঠানত উপস্থিত থাকে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰা,বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক ডাঃ কবীন্দ্ৰ ভাগৱতী, মায়ঙৰ সমাজ কৰ্মী তথা উপশম কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি হৰিপ্ৰসাদ বৰা, সম্পাদক তৰুন সোনোৱাল, যুটীয়া সম্পাদক বিনোদ ডেকা । উল্লেখযোগ্য যে, কৰ্কট ৰোগত আক্ৰান্ত ৰোগীসকলক কিদৰে ঘৰতে আহি বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব পাৰি সেই সন্দৰ্ভত বক্তব্য ৰাখে সঞ্চালক গৰাকীয়ে।

এই বৃহত প্ৰকল্প সফল কৰি তোলাৰ বাবে প্ৰথম অৱস্থাত মায়ঙৰ ৯ খন গাঁৱক সামৰি লোৱা হৈছে।  এখন মডেল গাঁও হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ফালৰ পৰা। বিগত সময়চোৱাত মায়ঙত কৰ্কট ৰোগৰ উপশম কেন্দ্ৰৰ শুভ উদ্বোধন কৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালকে ।

ক্লিক কৰি পঢ়কঃ গোলাপ গগৈ স্মাৰক তৰ্ক প্ৰতিযোগিতা সম্পন্নঃ নবাৰুণ বৰালৈ শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা...

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান মায়ং