গোলাপ গগৈ স্মাৰক তৰ্ক প্ৰতিযোগিতা সম্পন্নঃ নবাৰুণ বৰালৈ শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা...

গোলাপ গগৈ স্মাৰক তৰ্ক প্ৰতিযোগিতা সম্পন্নঃ নবাৰুণ বৰালৈ শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা...
গোলাপ গগৈ স্মাৰক তৰ্ক প্ৰতিযোগিতা সম্পন্নঃ নবাৰুণ বৰালৈ শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ গগৈৰ সশ্ৰদ্ধ স্মৰণত মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত ২৫ সংখ্যক আন্তঃ জিলা তৰ্ক প্ৰতিযোগিতাখন শনিবাৰে অনুষ্ঠিত হয়।  মহাবিদ্যালয় প্ৰেক্ষাগৃহত শনিবাৰে পুৱা অনুষ্ঠিত "মাতৃ ভাষাই হৈছে জ্ঞান বিকাশৰ উপযুক্ত মাধ্যম" শীৰ্ষক তৰ্ক প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰী বিষয় শিক্ষক গহীন চুতীয়াই।

প্ৰয়াত শিক্ষাবিদ গগৈৰ সহধৰ্মিনী দিব্য গগৈৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভণি হোৱা প্ৰতিযোগিতাৰ সঞ্চালনা কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ অমিয় কুমাৰ সন্দিকৈয়ে । বৃহত্তৰ মহকুমাটোৰ ৭ খন শিক্ষানুষ্ঠানৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা  প্ৰতিযোগিতাত বিষয়বস্তুৰ ওপৰত মননশীল আৰু অধ্যয়নপুষ্ট বক্তব্য আগবঢ়াই প্ৰথম শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান অর্জন কৰে ঢকুৱাখনাৰ বাল্মিকী বিদ্যা কাননৰ ছাত্ৰ নবাৰুণ বৰাই।

প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ খিতাপ অর্জন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ ছাত্ৰ বিশ্বজিৎ দাস আৰু তৃতীয় শ্ৰেষ্ঠ খিতাপ অর্জন কৰে সংকল্প একাডেমী ঘিলামৰাৰ ছাত্ৰ প্ৰাচুৰ্য মহন্তই। ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক শিক্ষাব্রতী ৰাইজ ,অভিভাৱক, মহাবিদ্যালয়ৰসমূহ শিক্ষক, শিক্ষাৰ্থী, কৰ্মচাৰী উপস্থিত থকা প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান অর্জন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ দলে।

ইয়াৰ পূৰ্বে প্ৰয়াত শিক্ষবিদ গৰাকীৰ স্মৃতিত মহাবিদ্যালয় চৌহদত মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত  নিৰ্মিত এটা স্মৃতি সৌধৰ শুভ উন্মোচন কৰে অধ্যক্ষ চন্দ্ৰ কোঁৱৰে ।  প্ৰতিযোগিতাৰ তত্ববধায়ক  হৰিচন্দ্ৰ বৰুৱাই  জনোৱা মতে বিজয়ী প্ৰতিযোগী সকলক  নগদ ধন , প্ৰশস্তি পত্ৰৰে সন্মানিত কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in