ৰোহিত-বিৰাট বিহীন ভাৰতে শিখৰ ধৱনৰ নেতৃত্বত খেলিব নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া...

যুৱ ক্ৰিকেটাৰ সকলে ৰোহিত-বিৰাট অবিহনে টি-২০ শৃংখলা দখল কৰি প্ৰতিভাৰ উমান দিছে

author-image
Asomiya Pratidin
New Update
ৰোহিত-বিৰাট বিহীন ভাৰতে শিখৰ ধৱনৰ নেতৃত্বত খেলিব নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া...

শিখৰ ধৱনৰ নেতৃত্বত ভাৰত

ডিজিটেল ডেস্কঃ টি-২০ ক্ৰিকেট বিশ্বকাপৰ ব্যৰ্থতা পাহৰি নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে সদ্যসমাপ্ত টি-২০ ক্ৰিকেট শৃংখলা দখল কৰে। হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে এই শৃংখলা দখল কৰে।

Advertisment

উল্লেখ্য যে, টি-২০ বিশ্বকাপত ভাৰতৰ প্ৰদৰ্শনত অসন্তুষ্ট হৈ বি চি চি আইৰ শীৰ্ষ বিষয়-ববীয়াৰ চিন্তা -চৰ্চা মৰ্মে নিউজিলেণ্ডৰ বিপক্ষে হোৱা শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দলত সাল-সলনি কৰিছিল। সেই অনুসৰি মুখ্য প্ৰশিক্ষক দ্ৰাবিড়, নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাকে ধৰি বিৰাট কোহলি,দীনেশ কাৰ্তিক,কে এল ৰাহুল আৰু দলৰ একাংশ খেলুৱৈক বিশ্ৰাম দিছিল।

তেনে প্ৰেক্ষাপটত বি চি চি আয়ে নিউজিলেণ্ডৰ বিপক্ষে টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ নেতৃত্বৰ ভাৰ হাৰ্ডিক পাণ্ডিয়া আৰু অভিজ্ঞ শিখৰ ধৱনৰ হাতত অৰ্পণ কৰিছিল। ইতিমধ্যে কিৱিৰ বিৰুদ্ধে ভাৰতে পাণ্ডিয়াৰ নেতৃত্বত টি-২০ শৃংখলা দখল কৰে।

ৰোহিত-বিৰাট বিহীন ভাৰত
ৰোহিত-বিৰাট বিহীন ভাৰত

আনহাতে নিউজিলেণ্ডৰ বিপক্ষে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব এদিনীয়া শৃংখলা। য'ত ভাৰতীয় দলক নেতৃত্ব দিব শিখৰ ধৱনে। ইতিমধ্যে টি-২০ শৃংখলা দখল কৰি আত্মবিশ্বাসী ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈ। গতিকে কাইলৈ হ'বলগীয়া মেচত দলৰ কেনে প্ৰদৰ্শন হয় সেয়াহে লক্ষণীয় হ'ব ! কিয়নো দলত নাথাকিব জ্যেষ্ঠ ক্ৰিকেটাৰ ৰোহিত শৰ্মা কিম্বা বিৰাট কোহলিৰ দৰে তাৰকা। ইতিমধ্যে যুৱ ক্ৰিকেটাৰ সকলে ৰোহিত-বিৰাট অবিহনে টি-২০ শৃংখলা দখল কৰি প্ৰতিভাৰ উমান দিছে।

আৰু পঢ়কঃ বিশ্বৰ প্ৰথমগৰাকী পেৰা মহাকাশচাৰী হোৱাৰ পথত জন মেকফল...

ভাৰতীয় দলৰ একাংশ খেলুৱৈ
ভাৰতীয় দলৰ একাংশ খেলুৱৈ
nz india shikhar dhawan