বিশ্বৰ প্ৰথমগৰাকী পেৰা মহাকাশচাৰী হোৱাৰ পথত জন মেকফল...

বিশ্বৰ প্ৰথমগৰাকী পেৰা মহাকাশচাৰী হোৱাৰ পথত জন মেকফল...

ডিজিটেল ডেস্ক : ব্ৰিটিছ পেৰা অলিম্পিক এথলীট জন মেকফল বিশ্বৰ প্ৰথম গৰাকী পেৰা মহাকাশচাৰী হোৱাৰ পথত । ইউৰোপীয়ান স্পেছ এজেঞ্চীয়ে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহাকাশচাৰী নিযুক্তি অনুষ্ঠানৰ জৰিয়তে নিৰ্বাচন কৰা হয় জন মেকফলক । আগন্তুক ২-৩ বৰ্ষৰ প্ৰশিক্ষণৰ অন্তত মহাকাশলৈ যাত্ৰা কৰিব পেৰা অলিম্পিক গৰাকীয়ে ।

উল্লেখ্য যে, মহাকাশচাৰী সকলৰ মাজৰ ভিন্নতাক সকলো সময়তেই অগ্ৰাধিকাৰ দি অহা ইউৰোপীয়ান স্পেছ এজেঞ্চীয়ে কৰা এই ঘোষণা নিশ্চয়কৈ প্ৰশংসনীয় ।  

আনহাতে, ৪১ বছৰীয়া জন মেকফল যি ১৯ বছৰ বয়সতেই নিজৰ এখন ভৰি হেৰুৱাই যোগদান কৰিছিল পেৰা অলিম্পিকত, এই মহাকাশ যাত্ৰাৰ বাবে সংগী হ'ব আন ৫ জন পেচাগত মহাকাশচাৰীৰ । জন মেকফলৰ সৈতে এই অভিযানত থাকিব আন দুগৰাকী মহিলা মহাকাশচাৰীও ।

এই সন্দৰ্ভত, জন মেকফলে সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্য অনুসৰি মানৱ সভ্যতাৰ বাবে ই এক ঐতিহাসিক মূহুৰ্ত ।

ইয়াৰ ওপৰিও জন মেকফলে তেওঁৰ শাৰীৰিক অক্ষমতাই এই যাত্ৰাত কোনো প্ৰকাৰেই প্ৰভাৱ নেপেলায় বুলি ভাষ্য প্ৰদান কৰে । এই নিৰ্বাচনৰ পাছত জন মেকফল সন্মুখীন হ'ব এক অধ্যয়নৰ যি প্ৰকাশ কৰিব শাৰীৰিক অক্ষমতাই মহাকাশ যাত্ৰাত প্ৰভাৱ পেলাব পাৰে নে নাই । তাৰ সৈতেই জন মেকফলে পিন্ধিব লগীয়া স্পেছছুটযোৰতো কৰা হ'ব বৃহৎ সাল-সলনি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in