বাংলাদেশক হৰুৱাই ভাৰতৰ টেষ্ট শৃংখলা দখল

বাংলাদেশক হৰুৱাই ভাৰতৰ টেষ্ট শৃংখলা দখল
বাংলাদেশক হৰুৱাই ভাৰতৰ টেষ্ট শৃংখলা দখল

ডিজিটেল ডেস্কঃ বাংলাদেশক হৰুৱাই ভাৰতৰ টেষ্ট শৃংখলা দখল। কিছুদিন পূৰ্বে চুবুৰীয়া দেশ বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আৰু টেষ্ট শৃংখলা খেলাৰ উদ্দেশ্যে ভাৰতীয় ক্ৰিকেট দল উপস্থিত হৈছিল বাংলাদেশত। ঘৰুৱা দলটোৰ বিপক্ষে ভাৰতে এদিনীয়া শৃংখলাত পৰাস্ত হ'লেও টেষ্ট শৃংখলাত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটায়।

শৃংখলাৰ দুয়োখন টেষ্টতে ঘৰুৱা দলটোক পৰাস্ত কৰি ২-০ৰ ব্যৱধানত টেষ্ট শৃংখলা দখল কৰে আলহী দল ভাৰতে। মেচৰ প্ৰথম ইনিংছত বাংলাদেশে বেট ধৰি মমিনুল হকৰ অৰ্ধশতকৰ সহায়ত ২২৭ ৰান সংগ্ৰহ কৰে। আনহাতে ভাৰতে প্ৰথম ইনিংছত ৩১৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ এই ত্ৰিশতাধিক ৰানৰ মূলতেই উইকেট কীপাৰ বেটছমেন ঋষভ পণ্ট আৰু প্ৰতিভাৱান বেটাৰ শ্ৰেয়াছ আয়াৰৰ অৰ্ধশতকীয় ইনিংছ।

আনহাতে দ্বিতীয় ইনিংছত ঘৰুৱা দলটোৱে লিটন দাসৰ অৰ্ধশতকৰ সহায়ত ২৩১ ৰান সংগ্ৰহ কৰে। জয়ৰ বাবে ১৪৫ ৰানৰ লক্ষ্য আগতলৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা ভাৰতে ৭ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হৈ বাংলাদেশক পৰাস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in