এন আৰ চিৰ নামত লুন্ঠন শ শ কোটি টকা

এন আৰ চিৰ নামত লুন্ঠন শ শ কোটি টকা

ডিজিটেল ডেস্ক : কেগৰ প্ৰতিবেদনত প্ৰকাশ পালে এক ভয়ংকৰ তথ্য । শনিবাৰে বিধানসভাত দাখিল হোৱা এই প্ৰতিবেদনে অনুসৰি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলা এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সময়ত ছফটৱেৰ, জেনেৰেটৰ, ডাটা এন্ট্ৰি অপাৰেটৰ, চুক্তিৰ নামত তৃতীয় পক্ষক পৰামৰ্শদাতা নিয়োগ. তথ্য-পাতিৰ গোপনীয় সৰবৰাহৰ দৰে নানা অনিয়ম আৰু বিত্তীয় কেলেংকাৰী তথ্য পোহৰলৈ আনিছে । কেগৰ এই প্ৰতিবেদন অনুসৰি নাগৰিকপঞ্জীৰ নামত অপচয় কৰা হৈছিল প্ৰায় ১৬০২.৬৬ কোটি টকা ।

কিন্তু ভাৰতৰ মহাপঞ্জীয়কে এন আৰ চি উন্নীতকৰণৰ নামত অনুমোদন জনাইছিল কেৱল ২৮৮.১৮ কোটি টকা হে । আৰু ২০১৯ চনত এই পৰিমাণ বৃদ্ধি হৈ হয়গৈ ১৬০২.৬৬ কোটি টকা । আনহাতে, এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে যোৱা বিত্তীয় বৰ্ষৰ সামৰণিতে সৰ্বমুঠ ১৫৭৯.৭৮ কোটি টকা ব্যয়ৰ তথ্য দাখিল কৰে ।

তাৰ ভিত্তিতেই কেগৰ তৰফৰ পৰা হিচাপ পৰীক্ষাৰ অন্তত বিভিন্ন বিত্তীয় অনিয়ম ধৰা পৰে ।

এতিয়া প্ৰশ্ন হয়, এই বৃহৎ অংকৰ কেলেংকাৰী সন্দৰ্ভত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে চৰকাৰে ? কিয়নো এই কেলেংকাৰীৰ সময়ছোৱাত এন আৰু চিৰ ৰাজ্যিক সমন্বয়ৰক্ষীৰ দ্বায়িত্বত আছিল প্ৰতীক হাজেলা । ইতিপূৰ্বে তেওঁ আন্ত:ৰাজ্যিক ডেপুটেচনত গৃহ ৰাজ্য মধ্যপ্ৰদেশত কাৰ্যনিৰ্বাহ কৰি আছে ।

আনহাতে, এই কেলেংকাৰী সন্দৰ্ভত কেগে প্ৰতিবেদন দাখিল কৰাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কেলেংকাৰী সংঘটিত কৰা ব্যক্তি অথবা প্ৰতিষ্ঠানৰ ওপৰত ।

উল্লেখ্য যে, কেৱল বিত্তীয় কেলেংকাৰীয়েই নহয় বৰং ছফটৱেৰ আৰু লিগেচী ডাটা বিসংগতিৰ বাবে তথ্য অদল-বদল হোৱাৰ আশংকাও কৰিছে কেগে । যদি এনে হয় তেন্তে সমগ্ৰ উন্নীতকৰণ প্ৰক্ৰিয়াটোৱেই বিসংগতিপূৰ্ণ হ'ব অথচ অপব্যয় ইতিমধ্যেই হৈ গ'ল কেইবা শ কোটি টকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in