/asomiyapratidin/media/media_files/2025/06/08/4x5D4vWyxyStXoNpSNsM.jpg)
ডিজিটেল সংবাদ, বাক্সা : বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২০২৫ পৰ্যটন বৰ্ষত পৰ্যটকসকলৰ পৰা ১ কোটি ৫৮ লাখ টকা ৰাজহ সংগ্ৰহ কৰা হয়। এই সন্দৰ্ভত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োৱে কয়, " ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বিগত আঠ মাহত ১ কোটি ৫৮ লাখ টকা ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে।
মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বিগত আঠ মাহত ৬৪,৪৬৩ গৰাকী পৰ্যটকৰ আগমন ঘটে। ইয়াৰ ভিতৰত ৬০,৭৪৪ গৰাকী দেশী পৰ্যটক আৰু ৩,৭১৯ গৰাকী বিদেশী পৰ্যটকৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আগম ঘটে। বিগত সময়তকৈ অনাগত সময়ত পৰ্যটকৰ সংখ্যা আৰু বৃদ্ধি হ'ব বুলি আশা ৰাখিছোঁ।"
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম বুলি উল্লেখ কৰি ৰেঞ্জৰ বাৰিন বড়োৱে পুনৰ কয়," মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি জীৱ জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে। পৰ্যটকসকলে বিভিন্ন জীৱ জন্তুৰ লগতে হাতী আৰু বাঘৰো সংখ্যা বৃদ্ধি পাইছে। বহু পৰ্যটকে ভিন্ন প্ৰজাতিৰ বাঘ দেখিবলৈ সক্ষম হৈছে। বহু লুপ্তপ্ৰায় চৰাই চিৰিকতিও মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেখিলৈ পোৱা যায়।"
উল্লেখ্য যে ৰাজহ সংগ্রহৰ ক্ষেত্রত মানাহ ৰাষ্ট্ৰীয় উদ্যানে এইবাৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছে । ২০২৩-২৪ পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই ১ কোটি ৩০ লাখ টকাৰ ৰাজহ সংগ্রহ কৰিছিল বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই সদৰী কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us