কলিয়াবৰত দলঙৰ পৰা নদীত জপিয়াই কথমপি প্ৰানৰক্ষা ছাত্ৰীৰ

কলিয়াবৰত দলঙৰ পৰা নদীত জপিয়াই কথমপি প্ৰানৰক্ষা ছাত্ৰীৰ
কলিয়াবৰত দলঙৰ পৰা নদীত জপিয়াই কথমপি প্ৰানৰক্ষা ছাত্ৰীৰ

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰ মহকুমাৰ অন্তৰ্গত মিছা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিছা আৰক্ষী চকীৰ সমীপৰ মৰনফান্দ সদৃশ পকী দলংখনত বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হয় এক অঘটন ৷ এই অঘটনৰ পৰা কথমপি প্ৰান ৰক্ষা পৰে এগৰাকী ছাত্ৰীৰ ৷

ঘটনাৰ বিৱৰনী মতে,বান্ধৱী এগৰাকীৰ সৈতে দলঙৰে খোজ কাঢ়ি থকা অৱস্থাতে পানীত পৰে দশম শ্ৰেণীৰ মিছা ভূঞাপট্টিৰ সাক্ষী পাণ্ডে নামৰ ছাত্ৰীগৰাকী । উল্লেখ্য যে, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ কাম অব্যাহত থকাৰ বাবে দলংখনৰ দুয়োকাষে বিঘ্নিত যাতায়তী ব্যৱস্থাই দীৰ্ঘদিন ধৰি ৰাইজক জীয়াতু ভোগাই আহিছে ৷

দলংখনৰ মাজভাগ গাঁতৰ পৰিবেষ্টিত হৈ ওখৰা-মোখোৰা হোৱাৰ ফলত যান-বাহন সমূহে ভাৰসাম্য ৰক্ষাৰ দিশটো সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ সামন্তৰালভাৱে আজিও দুখন গাড়ী সমানে সমানে অতিক্ৰম কৰিবলৈ ধৰোঁতে এখন গাড়ী কাষ চাপি যোৱাত প্ৰাণৰ মমতাত ছাত্ৰীগৰাকীয়ে জীৱন ৰক্ষা কৰিবলৈ পকী দলংখনৰ পৰা নদীৰ পানীত জপিয়াই দিয়ে ৷

নদীত পৰি আহত হয় ছাত্ৰীগৰাকী। স্থানীয় একাংশ যুৱকে পানীৰ পৰা উদ্ধাৰ কৰে ছাত্ৰীগৰাকীক। ইতিমধ্য কলিয়াবৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ছাত্ৰীগৰাকীক।

দলঙত যান-বাহনৰ ভীৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে ৷ নিৰ্মাণকাৰ্য চলি থকাত দলঙত ভীৰ হয় যান-বাহনৰ। এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in