হত্যাৰ গোচৰত ৭ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

হত্যাৰ গোচৰত ৭ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড
হত্যাৰ গোচৰত ৭ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

ডিজিটেল সংবাদ নগাঁও : নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ ৰক্তিম দুৱৰাৰ আদালতে নগাঁও জিলাৰ কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত মিছা চাহ বাগান লাইন এলেকাত সংঘটিত এক হত্যাকাণ্ডৰ গোচৰত ৭ জন লোকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ ৰক্তিম দুৱৰাৰ আদালতে চেচন গোচৰ নম্বৰ ৭৪/২০১৪ মৰ্মে ভাৰতীয় দণ্ড বিধিৰ ৩০২ আৰু ৩৪ ধাৰাৰ অধীনত সংশ্লিষ্ট লোক কেইজনক দোষী সাব্যস্ত কৰি বুধবাৰে এই ৰায় প্ৰদান কৰে।

লগতে সাতোজনৰ প্ৰত্যেককে ১০ হাজাৰ টকাকৈ জৰিমনা বিহে। যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা অপৰাধী কেইজন হ'ল- মিছা আৰক্ষী চকীৰ অন্তৰ্গত মিচা চাহবাগান লাইনৰ বাসিন্দা ক্ৰমে গব্ৰা গৌৰ(৫১), মঙগ্ৰো গৌৰ(৫৫), সুনীল গৌৰ(৩৩), ধীৰেন গৌৰ(৩৫), অমৰ সিং গৌৰ(৩২), দুৰ্গা গৌৰ(৩১) আৰু ভোগৰাম গৌৰ(৩৩)। এই লোককেইজনে দলবদ্ধ ভাবে ২০১৩ চনৰ ১৪ জুনৰ আবেলি স্থানীয় যোগেশ্বৰ তেলী নামৰ ২৫ বছৰীয়া এজন যুৱকক ঘৰৰ পৰা মাতি আনি এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ তুলি লাঠি আৰু লোহাৰ ৰডৰে মৰিয়াই গুৰুতৰ ভাবে জখম কৰিছিল।

পিছত তেওঁক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সেইদিনা নিশাই তেওঁৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ এগৰাকী ভাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষী থানাত ৬০/২০১৩ নম্বৰত এক গোচৰ ৰুজু হয় আৰু এই গোচৰৰ ভিত্তিত থানাখনৰ আৰক্ষী উপ-পৰিদৰ্শক বিৰাজ মোহন ডেকাই তদন্ত সাপেক্ষে সংশ্লিষ্ট আদালতত সাতজন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

পিছত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে মুঠ ৯জন সাক্ষ্য গ্ৰহণ কৰি অৱশেষত উল্লেখিত সাত অভিযুক্তৰ বিৰুদ্ধে ৰায় প্ৰদান কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। চৰকাৰী পক্ষৰ হৈ আদালতত উক্ত গোচৰটো চলাই চৰকাৰী অধিবক্তা (পাব্লিক প্ৰচিকিটৰ) বিভা ফুকনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in